18 C
Guwahati
Monday, November 28, 2022
More

    কাইলৈ পুনৰ আহি আছে মোদী, পুৱা ১০ বজাত দেশক কৰিব সম্বোধন

    মোদীৰ কাৰ্যালয়ে টুইটাৰযোগে জনালে এই কথা

    কাইলৈ পুৱা ১০ বজাত দেশক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। লকডাউন বৃদ্ধি সন্দৰ্ভত কাইলৈ পুৱা ঘোষণা কৰিব পাৰে নৰেন্দ্ৰ মোদীয়ে।

    ১৪ এপ্ৰিলৰ পুৱা ১০ বজাত সম্বোধন কৰিব দেশবাসীক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যালয়ে টুইটাৰযোগে জনালে এই কথা। হয়তো অহা দুসপ্তাহলৈ বঢ়াব পাৰে এই লকডাউন।

    উল্লেখ্য যে ১১ এপ্ৰিলৰ ২০২০ত দেশৰ অন্য মুখ্যমন্ত্ৰী সকলৰ সৈতে এক ভিডিঅ’ কনফাৰেঞ্চ যোগে মিলিত হৈছিল মোদী। সেই কনফাৰেঞ্চতেই অন্য মন্ত্ৰীসকলে মোদীক আহ্বান জনাইছিল লকডাউন বৃদ্ধিৰ বাবে। কৰ’ণা সংক্ৰমণ ৰোধৰ বাবেই এই আহ্বান জনাইছিল মোদীক। এতিয়া কাইলৈহে জনা যাব মোদীৰ সিদ্ধান্ত।

    Photo Credit: @narendramodi

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং