30 C
Guwahati
Tuesday, September 27, 2022
More

    আজিৰে পৰা ১ কোটিতকৈ অধিক স্থানীয় আৰু প্ৰৱাসী শ্ৰমিকক প্ৰদান কৰা হ’ব কৰ্মসংস্থাপন

    উত্তৰ প্ৰদেশ চৰকাৰে প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণ কৰ্মসংস্থাপন অভিযানৰ অন্তৰ্গত মনৰেগা আঁচনিৰ আধাৰত গোণ্ডা, বলৰামপুৰসহ ৩১খন জিলাৰ বাবে প্ৰায় ৯০০ কোটি টকাৰ কাৰ্য আঁচনি প্ৰস্তুত কৰিছে

    কৰ’ণা সংকটৰ মাজতে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে আত্মনিৰ্ভৰশীল উত্তৰ প্ৰদেশ কৰ্মসংস্থাপন অভিযান আৰম্ভ কৰে।

    এই অভিযানৰ আধাৰত ১ কোটিতকৈ অধিক স্থানীয় আৰু প্ৰৱাসী শ্ৰমিকক কৰ্মসংস্থাপন উপলব্ধ কৰোৱা হ’ব।

    প্ৰধানমন্ত্ৰীগৰাকীয়ে ক’লে যে উত্তৰ প্ৰদেশৰ চেষ্টা আৰু উপলব্ধি এইকাৰণে বৃহৎ হয়, কাৰণ উত্তৰ প্ৰদেশ কেৱল ৰাজ্যৰ ভিতৰতে নহয় বিশ্বৰ কেইবাখনো দেশৰ ভিতৰত ডাঙৰ ৰাজ্য।

    এই উপলব্ধিক উত্তৰ প্ৰদেশ বাসীয়ে নিজে অনুভৱ কৰিছে।

    তেওঁ ক’লে যে যিটো সময়ত সমগ্ৰ বিশ্বক কৰ’ণাৰ নিচিনা সংকটে আৱৰি ধৰিছে সেইটো সময়তে উত্তৰ প্ৰদেশে দেখুওৱা সাহস আৰু বুজাবুজি অভূতপূৰ্ব।

    যিটো ধৰণে কৰ’ণাৰ সৈতে যুঁজ দিছে, যিধৰণে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে, সেয়া প্ৰশংসনীয়।

    যেতিয়ালৈকে ভেক্সিন প্ৰস্তুত নহয় তেতিয়ালৈ আমি সামাজিক দূৰত্ব আৰু মাস্ক ব্যৱহাৰ কৰিব লাগিব।

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’লে যে যি কষ্ট উত্তৰ প্ৰদেশ চৰকাৰে কৰিছে,

    সেই হিচাপত আমি কব পাৰো যে বৰ্তমানলৈ প্ৰায় ৮৫ হাজাৰ লোকৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছে।

    বৰ্তমান সময়ত আমি যদি নিজৰ ৰাইজৰ জীৱন ৰক্ষা কৰিব পাৰিছো তেন্তে এইটো সন্তোষজনক কথা।

    তেওঁ ক’লে যে লকডাউনৰ সময়ত দৰিদ্ৰ লোকৰ বাবে খাদ্যৰ সমস্যা নহ’বলৈ যোগী চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া প্ৰশংসনীয়।

    প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণ খাদ্য আঁচনিৰ আধাৰত উত্তৰ প্ৰদেশে দৰিদ্ৰ লোক আৰু বাহিৰৰ পৰা উভতি অহা শ্ৰমিকক বিনামূলীয়া ৰেচন প্ৰদান কৰিছে।

    এই অভিযান ১২৫ দিনলৈ চলিব
    উত্তৰ প্ৰদেশ চৰকাৰে প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণ কৰ্মসংস্থাপন অভিযানৰ অন্তৰ্গত মনৰেগা আঁচনিৰ আধাৰত গোণ্ডা,

    বলৰামপুৰসহ ৩১খন জিলাৰ বাবে প্ৰায় ৯০০ কোটি টকাৰ কাৰ্য আঁচনি প্ৰস্তুত কৰিছে।

    অভিযানৰ এদিন পূৰ্বে প্ৰায় ৬৫ লাখ লোকক একেলগে কৰ্ম সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিছে।

    এই অভিযান ১২৫ দিনলৈ চলিব।

    কৰ্মসংস্থাপন পাবলগীয়া লোকৰ ভিতৰৰ ৫০ শতাংশ লোক মনৰেগাৰ আধাৰত ৰেজিষ্টাৰ্ড হ’ব।

    উত্তৰ প্ৰদেশ চৰকাৰৰ লগত ৩৬ লাখ শ্ৰমিকৰ সম্পূৰ্ণ ডেটা বেংক মেপিঙৰ সৈতে প্ৰস্তুত কৰা হৈছে।

    যোগী চৰকাৰে শ্ৰমিকসকলক MSME, এক্সপ্ৰেছ-ৱে, হাইৱে, যুপীডা, মনৰেগাৰ দৰে বহু ক্ষেত্ৰত কৰ্মসংস্থাপন দিয়া হৈছে।

    বৰ্তমান এই সংখ্যা ১ কোটিৰো অধিক হ’ব।

    Photo Credit: www.abplive.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং