29 C
Guwahati
Monday, October 25, 2021
More

    প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰৱাসী শ্ৰমিকসকলক ক’লে, কৰ্মসংস্থাপন দিবলৈ খৰচ কৰিব ৫০ হাজাৰ কোটি

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে ‘দৰিদ্ৰ কল্যাণ কৰ্মসংস্থাপন অভিযান'ৰ শুভ আৰম্ভণি কৰিলে

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে ‘দৰিদ্ৰ কল্যাণ কৰ্মসংস্থাপন অভিযান’ৰ শুভ আৰম্ভণি কৰিলে।

    অনুষ্ঠান আৰম্ভ কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে লডাখত শ্বহীদ হোৱা জোৱানসকলৰ সাহসিকতাৰ চৰ্চা কৰি কয় যে

    লডাখত আমাৰ বীৰ জোৱানসকলে যি বলিদান দিলে,

    মই গৌৰৱেৰে এই কথা উল্লেখ কৰিব বিচাৰো যে এই সাহসিকতা বিহাৰ ৰেজিমেণ্টৰ, প্ৰতিগৰাকী বিহাৰী বৰ্তমান গৰ্বিত।

    যিকেইজন সেনাই নিজৰ বলিদান দিলে তেওঁলোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো।

    ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানৰ শুভ আৰম্ভণিৰ সময়ত প্ৰৱাসী শ্ৰমিকসকলক কেইবাটাও গুৰুত্বপূৰ্ণ কথা কয়।

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ কেইটামান গুৰুত্বপূৰ্ণ কথা-

    কামলৈ ওলাই যাওক, কিন্তু মোৰ এইটো অনুৰোধ যে সাৱধানতা অৱলম্বন কৰিব।

    মাস্ক লগোৱা, গামোচা বা মুখ কাপোৰেৰে ঢকা, স্বচ্ছতা আৰু ২ মিটাৰ দূৰত্ব থকাৰ নিয়ম পালন কৰিবলৈ নাপাহৰিব।

    দৰিদ্ৰ কল্যাণ কৰ্মসংস্থাপন অভিযানৰ দ্বাৰা আপোনাৰ আত্মসন্মান সুৰিক্ষত হ’ব, আৰু আপোনাৰ শ্ৰমেৰে আপোনাৰ গাঁৱৰ বিকাশো হ’ব।

    আজি আপোনালোকৰ এইজন সেৱক, আৰু সমগ্ৰ দেশ, এইটো ভাৱ-ধাৰণাৰে,

    এইটো চিন্তাৰে, এইটো সংকল্পৰ সৈতে আপোনালোৰ মান আৰু সন্মানৰ বাবে কাম কৰি আছে।

    বিগত ৬ বছৰ ধৰি ধাৰাবাহিকভাৱে হৈ থকা সকলো চেষ্টাৰ এটাই উদ্দেশ্য,

    আমাৰ গাঁও, আমাৰ দৰিদ্ৰসকল নিজৰ ভৰিত থিয় হওক, শক্তিশালী হওক।

    আমাৰ দৰিদ্ৰ, শ্ৰমিক, কৃষকসকলক যাতে কোনোধৰণৰ সহায়-সহযোগিতাৰ আৱশ্যকতা নহয়।

    আমি সহায়-সহযোগিতাৰে নহয়, শ্ৰমৰ সন্মানৰ সৈতে জীয়াই আছো।

    বিহাৰত লেচু আছে, কল আছে! উত্তৰ প্ৰদেশত আমলখি আছে, আম আছে। ৰাজস্থানত জলকীয়া আছে, মধ্যপ্ৰদেশত দাইল আছে, ওড়িশা-ঝাৰখণ্ডত বন উত্পাদন হয়।

    প্ৰতিখন জিলাতে এনেকুৱা বিভিন্নধৰণৰ প্ৰডাক্ট আছে, ইয়াৰ লগতে জড়িত উদ্যোগ সমীপতে নিৰ্মাণ কৰাৰ আঁচনি আছে।

    আত্মনিৰ্ভৰশীল পেকেজৰ জৰিয়তে কৃষকসকলৰ খেতি কৰা সামগ্ৰীসমূহ ৰাখিবলৈ কোল্ড ষ্টোৰেজ নিৰ্মাণ কৰা হৈছে,

    কৃষকসকলক প্ৰত্যক্ষভাৱে বজাৰৰ সৈতে সংলগ্ন কৰিবলৈ ১ লাখ কোটি ব্যয়ৰ ঘোষণা কৰা হৈছে।

    কৃষকসকল যেতিয়া প্ৰত্যক্ষভাৱে বজাৰৰ সৈতে সংলগ্ন হৈ পৰিব নিজৰ খেতিৰ বস্তু বেছি দামত বিক্ৰী কৰাৰ পথ মুকলি হ’ব।

    বৰ্তমান কৃষকসকলে নিজৰ ৰাজ্যৰ বাহিৰতো নিজৰ খেতিৰ বস্তু বিক্ৰী কৰিব পাৰে আৰু যিকোনো বজাৰত বিক্ৰী কৰিব পাৰে।

    চৰকাৰী দোকানৰ পৰা যাতে খাদ্য-বস্তুৰ সমস্যা নহয় তাৰ বাবে ‘এক দেশ এক ৰাচন কাৰ্ড আঁচনি’ আৰম্ভ কৰা হৈছে।

    আত্মনিৰ্ভৰশীল ভাৰত অভিযানৰ আৰম্ভণি প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণ আঁচনিৰ পৰা হৈছিল।

    কিছু সপ্তাহৰ ভিতৰতে প্ৰায় ২ লাখ কোটি টকা খৰচ কৰা হৈছে।

    এই ৩ মাহত ৮০ কোটি টকা দৰিদ্ৰক ৰেচন দিয়াৰ নামত গৈছিল।

    দৰিদ্ৰ কল্যাণ আঁচনিৰ আধাৰত প্ৰৱাসী শ্ৰমিকে ১২৫ দিনৰ কাম লাভ কৰিব।

    সেইকেইখন জিলাৰহে প্ৰৱাসী শ্ৰমিকে কাম পাব য’ত প্ৰৱাসী শ্ৰমিকৰ সংখ্যা ২৫হাজাৰতকৈ অধিক।

    দৰিদ্ৰ কল্যাণ কৰ্মসংস্থাপন আঁচনি বৰ্তমান ৬খন ৰাজ্যৰ ১১৬খন জিলাতহে বলবৎ হ’ব।

    বিহাৰ, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ৰাজস্থান, ঝাৰখণ্ড আৰু ওড়িশাহে অন্তৰ্ভুক্ত।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং