প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ পৰা ভাষণত দেশবাসীক সম্ৱোধন কৰিলে। ষষ্ঠবাৰলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাত পতাকা উত্তোলন কৰিলে। ভাষণৰ আৰম্ভণিতে তেওঁ ৰাখী বন্ধনৰ উলগ জনালে আৰু বান পীড়িতসকললৈ আবেগ –অনুভূতি প্ৰকাশ কৰিলে।
১. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ পৰা ডাঙৰ ঘোষণা কৰিলে। দেশৰ তিনিও সেনা বাহিনীৰ বাবে সেনাপতি পদৰ ব্যৱস্থা কৰা হ’ব। ‘চীফ অৱ ডিফেন্স ষ্টাফ’ বুলি কোৱা হ’ব সেনা-বাহিনীৰ মুৰব্বীক। সেনাৰ ইতিহাসত এই পদৰ ব্যৱস্থা প্ৰথমবাৰৰ বাবে কৰা হৈছে। তেওঁ ক’লে যে তিনিও সেনা একেলগে যাত্ৰা কৰিব লাগিব।
২. প্ৰধানমন্ত্ৰী মোদীয়ে ক’লে যে স্বাধীনতাৰ পিছত বৰ্তমানলৈ যিসকলে দেশৰ বিকাশত যোগদান কৰিছে, তেওঁলোকক সেৱা জনাইছে। তেওঁ ক’লে যে নতুন চৰকাৰ হ’বলৈ ১০ সপ্তাহো হোৱা নাই কিন্তু ইমান কম সময়তো সকলো ক্ষেত্ৰতে কাম কৰা হৈছে।
৩. ১০ সপ্তাহৰ ভিতৰতে অনুচ্ছেদ 370, 35-A আঁতৰোৱা বল্লভ ভাই পাটেলৰ সপোন দিঠকলৈ পৰিৱৰ্তন কৰাৰ এয়া প্ৰথমটো খোজ। প্ৰধানমন্ত্ৰীয়ে ক’লে যে মুছলিম ভগ্নীসকলৰ স্বাৰ্থত তিনি তালাক শেষ কৰা হৈছে।
৪. লালকিল্লাত প্ৰধানমন্ত্ৰীয়ে ক’লে যে বৰ্তমান কৃষকসকলক ৯০ হাজাৰ কোটি টকা প্ৰত্যক্ষভাৱে একাউণ্টত প্ৰদান কৰা হয়, আমি জলসংকটৰ পৰা পৰিত্ৰাণ পাবলৈ পৃথকভাৱে মন্ত্ৰালয় গঠন কৰা হৈছে। আমি বনুৱা আৰু কৃষকসকলকো পেঞ্চন প্ৰদান কৰিবলৈ এখোজ আগবাঢ়িছে।
৫. নৰেন্দ্ৰ মোদীয়ে ক’লে যে বৰ্তমান দেশবাসীৰ ব্যৱহাৰ সলনি হৈছে, ২০১৪ চনৰ পূৰ্বে দেশৰ পৰিস্থিত পৃথক আছিল কিন্তু আমি ৫ বছৰত দেশৰ বিকাশৰ বাবে কাম কৰিলো। ২০১৯ত ইয়াৰ প্ৰভাৱ পৰিছে আৰু নিৰ্বাচনত জনতাৰ উৎসাহ দেখিবলৈ পোৱা গৈছে।
৬. প্ৰধানমন্ত্ৰীয়ে ক’লে যে বৰ্তমান প্ৰতিজন লোকে গৰ্বিত হৈ ক’ব পাৰে যে এখন দেশ, এখন সংবিধান। আমি চৰদাৰ পাটেলৰ এখন ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ বিচাৰ আগুৱাই লৈ গৈ আছো। GSTৰ জৰিয়তে আমি এখন দেশ, এটা টেক্সৰ সপোন পূৰ্ণ কৰিছো।
৭. প্ৰধানমন্ত্ৰী মোদীয়ে ক’লে যে যিসকল লোকে এই বিষয়ত আগবাঢ়িছে আৰু সীমিত পৰিয়ালৰ সুবিধাৰ বিষয়ে সকলোকে বুজাইছে তেওঁলোকক সন্মানিত কৰাৰ প্ৰয়োজন। সৰু পৰিয়ালে দেশভক্তৰ আন এটা ৰূপ।
৮. প্ৰধানমন্ত্ৰী মোদীয়ে ক’লে যে আজি দেশৰ চিন্তাধাৰা সলনি হৈছে, পূৰ্বে যিসকল লোকে বাছস্থানৰ দাবী কৰিছিল বৰ্তমান তেওঁলোকে প্ৰশ্ন কৰে যে, বিমান বন্দৰ কেতিয়া আহিব। পূৰ্বে গাঁৱত পকী পথৰ বাবে দাবী কৰিছিল কিন্তু এতিয়া প্ৰশ্ন কৰে পথসমূহত কেতিয়া ফ’ৰ লেন বা ছিক্স লেন হ’ব।
৯. প্ৰধানমন্ত্ৰীয়ে এই ভাষণৰ মাজতে আবেদন কৰিলে যে পলিথিন ব্যৱহাৰ নকৰাৰ আৰু দোকানীসকলকো এই আবেদন জনালে। ২ অক্টোবৰৰ পৰা প্লাষ্টিক বন্ধ কৰাৰ কাম আৰম্ভ কৰিব লাগিব।
১০. প্ৰধানমন্ত্ৰী মোদীয়ে ক’লে যে আমাৰ চৰকাৰে বৰ্তমান প্ৰতিখন ঘৰতে পানীৰ ব্যৱস্থা প্ৰদান কৰাৰ কাম কৰি আছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াৰ মাজতে জল জীৱন মিছনৰো ঘোষণা কৰিলে আৰু ৩ কোটি ৫০ লাখ টকাৰ বাজেট ঘোষণা কৰিছে।