দুৰাৰোগ্য ৰোগত আক্ৰান্ত নলবাৰীৰ এটি কণমানি।অসহায় পিতৃ-মাতৃ।চিকিৎসা কৰিবলৈ নাই ধন।শিশুটিৰ নাম জব্বৰ হুছেইন।ঘৰ নলবাৰীৰ ৰাইমাধাত।বাবুল আলী আৰু আৰিফা বেগমৰ একমাত্ৰ পুত্ৰ সন্তান জব্বৰ। বয়স মাত্ৰ আঠ বছৰ।এয়া যে তাৰ পখিলা খেদাৰ বয়স।
উমলি জামলি শৈশৱক জিনাৰ বয়স।নিয়তিৰ কি কোপদৃষ্টি! এনে সময়তে এই নিষ্পাপ শিশুটি আক্ৰান্ত হৈছে দূৰাৰোগ্য তেজৰ কৰ্কট ৰোগত। একমাত্ৰ পুত্ৰৰ কথা ভাবি কান্দোনত ভাগি পৰিছে জন্মদাত্ৰী।বাছত হেণ্ডিমেন কৰি কোনোমতে পেটৰ ভাত মোকোলোৱা পিতৃ বাবুল আলী এতিয়া উপায়বিহীন!মূৰৰ ওপৰত ভাগি পৰিছে সৰগ।
৮ বছৰ বয়সীয়া পৃথিৱীৰ আওভাও নুবুজা কণমানি এই নিষ্পাপ দেৱতুল্য শিশুটিক উন্নত চিকিৎসাৰ বাবে চিকিৎসকে ৰাজ্যৰ বাহিৰলৈ নিয়াৰ পৰামৰ্শ দিলেও খাটিখোৱা এই পৰিয়ালটোৰ বাবে সেয়া যে কল্পনাৰো অগোচৰ!গাঁওবাসীয়ে শিশুটিৰ চিকিৎসাৰ বাবে সহায়ৰ হাত আগবঢ়াইছে যদিও সেয়া পৰ্য্যাপ্ত নহয়। নিজ পুত্ৰৰ উন্নত চিকিৎসাৰ বাবে পিতৃ-মাতৃয়ে ৰাইজৰ লগতে দল সংগঠনৰ পৰা বিচাৰিছে আৰ্থিক সহায়।
সদাশয় লোকে দুৰ্ভগীয়া এই শিশুটিৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য আগবঢ়াব বিচাৰিলে মাতৃ আৰিফা বেগমৰ নামত ভাৰতীয় ষ্টেট বেংকৰ কমাৰকুছি শাখাত থকা একাউন্ট নম্বৰঃ36013673759 IFSC:SBIN0005092ত আগবঢ়াব পাৰে সাহায্য নতুবা যোগাযোগ কৰিব পাৰে 9435065784 নম্বৰত।আপোনাৰ এধানিমান সঁহাৰিয়ে নিৰ্বোধ এই শিশুটিক সুস্থ কৰি তোলাত সহায় কৰাৰ লগতে দূৰ্ভগীয়া পিতৃ মাতৃৰ মুখতো বিৰিঙাই তুলিব হাঁহি।
Photo Credit:@hirakdeka