25 C
Guwahati
Thursday, October 6, 2022
More

    সাম্প্ৰদায়িক মন্তব্য দি নলবাৰীত ৰঙা ঘৰৰ আলহী এজন

    ছচিয়েল মিডিয়াৰ ওপৰত চোকা দৃষ্টি ৰাখিব বুলি মন্তব্য নলবাৰী আৰক্ষীৰ

    সাম্প্ৰদায়িক মন্তব্য দিয়াৰ বাবেই নলবাৰীত আটক এজনক। ছচিয়েল মিডিয়াত ধৰ্মীয়কেন্দ্ৰিক পোষ্ট দি ৰঙাঘৰৰ অতিথি হ’ল এজন। টিহু আৰক্ষীয়ে আটক কৰা ব্যক্তিজন ভোজকুছি গাঁৱৰ উমেশ চন্দ্ৰ ঠাকুৰীয়া বুলি জানিব পৰা গৈছে।

    58/2020 নম্বৰ গোচৰ মৰ্মে ১৫৩(ক)/২৯৫(ক) ধাৰত ৰুজু হৈছে এক গোচৰ। ধৰ্মৰ ক্ষেত্ৰত সাম্প্ৰদায়িক পোষ্ট দিয়াৰ বাবেই উমেশ চন্দ্ৰ ঠাকুৰীয়াক আটক। সামাজিক মাধ্যমৰ অপব্যৱহাৰ কৰি এচাম দুষ্ট চক্ৰৰ লোকে সামাজিক মাধ্যমৰ জৰিয়তে সমাজত ভীতি আৰু শংকাৰ সৃষ্টি কৰিছে। ছচিয়েল মিডিয়াৰ ওপৰত চোকা দৃষ্টি ৰাখিব বুলি মন্তব্য নলবাৰী আৰক্ষীৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং