19 C
Guwahati
Sunday, November 27, 2022
More

    নলবাৰীৰ দুই যুৱকৰ মহানুভৱতা, এজনে দিলে ৫ লাখ আনজনে প্ৰদান কৰিলে খাদ্য সামগ্ৰী

    খাদ্য সামগ্ৰীৰে সাতশ দুখীয়া পৰিয়ালক এইদৰে সহায় যুৱকৰ

    কৰ’ণা বিৰুদ্ধে যুঁজত নামিছে সকলো। যিয়ে যেনেকৈ পাৰিছে সাধ্যনুসাৰে কৰিছে সহায়। ৰাজকোষক এইক্ষেত্ৰত টকাৰ কিছু নাটনি হোৱাত আগবাঢ়ি আহিছে জনসাধাৰণো। মুঠতে বাধা আহি পৰিব নালাগে কোনো কামতে।

    সেই উদ্দেশ্যই নলবাৰীৰ দুই যুৱকে দিখুৱাইছে মহানুভৱতা। দেশৰ এই সংকট কালত ৰাইজৰ বাবে সহায় আগবঢ়াইছে দুই যুৱকে। এজন যুৱকে ৰাইজৰ মাজত খাদ্য সামগ্ৰীৰে কৰিছে সহায়। আন এজন যুৱকে চৰকাৰলৈ আগবঢ়াইছে ৫ লাখ টকা।

    নলবাৰী জিলাৰ বৰভাগৰ যুব ব্যবসায়ী অৰুপ কলিতাই মুখ্যমন্ত্ৰীৰ সাহায্য পুজিলৈ পাঁচ লাখ টকা আগবঢ়াইছে। একেদৰে জিলা খনৰ বৰ্নীবাৰিৰ অচ্যুত দাসে অঞ্চলতোৰ প্ৰায় সাতশ দুখীয়া পৰিয়ালৰ লোকক চাউল ,দাইল, আলু পিয়াজ আগবঢ়াই উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে৷

    Photo Credit: @hirakdeka

    Published:

    2 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং