25.4 C
Guwahati
Thursday, October 14, 2021
More

    নগাঁৱত জব্দ বহু পৰিমাণৰ নিচাযুক্ত টেবলেট, চিৰিঞ্জ আৰু হুকা; গ্ৰেপ্তাৰ ১

    আৰক্ষী বিষয়া সিদ্ধাৰ্থ বুঢ়াগোঁহাইৰ নেতৃত্বত টাউন উপ-পৰিদৰ্শক কুন্দন ৰবি দাসৰ লগত যোৱা এটি আৰক্ষীৰ দলৰ সফল অভিযান

    নগাঁও আৰক্ষীৰ এক সফলতা। চহৰখনত বহু দিনৰ পৰাই আচ্ছাদুল ইছলাম নামৰ লোক এজনে নিচাযুক্ত টেবলেট, ড্ৰাগছ ল’বলৈ ব্যৱহাৰ কৰা চিৰিঞ্জ আৰু এটা ভাঙৰ হুকাৰ ব্যৱসায়ৰ লগতে এইবোৰৰ সৰবৰাহ কৰি আহিছিল।

    শেহতীয়াকৈ নগাওঁ আৰক্ষী এক গোপন সূত্ৰৰ ভিত্তিত নগাঁও চহৰৰ বৰভেটিৰ পৰা আৰক্ষী বিষয়া সিদ্ধাৰ্থ বুঢ়াগোঁহাইৰ নেতৃত্বত টাউন উপ-পৰিদৰ্শক কুন্দন ৰবি দাসৰ লগত যোৱা এটি আৰক্ষীৰ দলে ধৃত আচ্ছাদুল ইছলামৰ বাসগৃহত তালাচী চলায়।

    তালাচী অভিযানত আৰক্ষীয়ে বহু পৰিমাণৰ নিচাযুক্ত টেবলেট, ড্ৰাগছত ব্যৱহাৰ কৰা চিৰিঞ্জ আৰু এটা হুকা জব্দ কৰে। আৰক্ষীয়ে আচ্ছাদুলক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

    Input & Photo: Biju Gohain

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং