26 C
Guwahati
Wednesday, September 28, 2022
More

    যান–বাহন পৰিবহন আইন ভংগ কৰি অভিলেখ গঢ়া এজন ট্ৰাক চালক!

    বিগত সপ্তাহত ৮৬,৫০০ টকাৰ জৰিমনা বিহিছে এই ট্ৰাক চালকজনে

    যান–বাহন পৰিবহন আইন উলংঘা কৰি ৮৬,৫০০ টকা জৰিমনা বিহাৰ কথা শুনি আপুনিও হয়টো আচৰিত হ’ব। কিন্তু এয়াই সঁচা। এই ঘটনা সংঘটিত হৈছে এজন ট্ৰাক চালকৰ লগত। ওড়িশাৰ সম্বলপুৰত এজন ট্ৰাক চালকে যান–বাহন পৰিবহন আইন উলংঘা কৰি বিগত সপ্তাহত জৰিমনা বিহিছে ৮৬,৫০০ টকা আৰু এই জৰিমনা বিহি ট্ৰাক চালকজন শ্ৰেষ্ঠ যান–বাহন আইন উলংঘনকাৰী হোৱাৰ সম্ভাৱনা।

    ৩ ছেপ্টেম্বৰত ট্ৰাক চালক অশোক যাদৱে এই জৰিমা বিহিব লাগিছিল কিন্তু শনিবাৰে সন্ধিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে চালানৰ ফটো।

    সম্বলপুৰৰ পৰিবহন বিষয়া ললিত মোহন বেহেৰাই ক’লে যে অনাধিকাৰ লোকক গাড়ী চলাব দিয়া বাবে ৫০০০ টকা, অনুজ্ঞাপত্ৰ নোহোৱাকৈ গাড়ী চলোৱাৰ বাবে ৫০০০ টকা, ১৮ টনকৈ অধিক পৰিমানৰ সামগ্ৰী কঢ়িওৱাৰ বাবে ৫৬ হাজাৰ টকা, বৃহৎ পৰিমানৰ সামগ্ৰী কঢ়িওৱাৰ বাবে ২০ হাজাৰ টকা আৰু সাধাৰণ অপৰাধৰ বাবে ৫০০ টকা জৰিমনা বিহিবলগীয়া হৈছিল। মুঠ জৰিমনা আছিল ৮৬,৫০০ টকা কিন্তু চালকজনে বিষয়াৰ সৈতে কেইবা ঘণ্টা সময় আলোচনা কৰাৰ পিছত ৭০ হাজাৰ টকা জৰিমনা বিহিলে।

    Image Credit: Thinkstock

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং