28 C
Guwahati
Friday, September 30, 2022
More

    নাগালেণ্ডত নিষিদ্ধ কুকুৰৰ মাংস; আন ৰাজ্যৰ পৰাও আমদানি কৰিব নোৱাৰিব কুকুৰ

    নাগালেণ্ড চৰকাৰে কুকুৰ আৰু কুকুৰৰ বজাৰত বাণিজ্যিক আমদানিৰ লগতে ব্যৱসায়ৰ ক্ষেত্ৰতো নিষেধাজ্ঞা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

    কুকুৰৰ মাংস বিক্ৰীৰ ক্ষেত্ৰতো নিষেধাজ্ঞা প্ৰদান কৰা হৈছে। ৰাজ্যখনৰ মুখ্য সচিব তেমজেন টয়ে টুইটাৰযোগে এই কথা জনায়।

    FIAPOয়ে ৰাজ্য চৰকাৰক আহ্বান জনাইছিল যে চৰকাৰে শীঘ্ৰে কুকুৰ বধ নিষিদ্ধ কৰিব লাগে আৰু কঠোৰ পশু কল্যাণ আইন কাৰ্যকৰী কৰিব লাগে।

    FIAPOৰ আইনী প্ৰৱন্ধক বৰ্ণিকা সিঙে মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’লৈ এখন পত্ৰত লিখিছে যে, আমি ডিমাপুৰৰ ‘পশু বজাৰ’ৰ কেইখনমান ছবিক লৈ গভীৰ চিন্তা, আঘাত আৰু আতংক প্ৰকাশ কৰি লিখিছো যে,

    য’ত কুকুৰবিলাকক ভয়াৱহ পৰিস্থিতিত দেখা পোৱা যায়, সেমেকা স্থানত বস্তাৰে বান্ধি থকা, অবৈধ বধৰ বাবে, ব্যৱসায় আৰু আমদানিৰ বাবে।

    কুকুৰবিলাকক অসম আৰু পশ্চিমবংগৰ পৰা নিয়মিতভাৱে নাগালেণ্ডলৈ অনা হয়।

    Photo credit: Wikipedia

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং