26 C
Guwahati
Saturday, September 24, 2022
More

    UTC হ’লে লাখ লাখ ল’ৰাই গুলী খাবলৈ প্ৰস্তুত হৈছিল, আমি বুজাইছোঃ নৱ কুমাৰ শৰণীয়া

    ৭১, ৫১ চনৰ বহু মানুহৰ নাম ইচ্ছাকৃতভাৱে এনআৰচিৰ পৰা বাদ পেলাইছে বুলিও অভিযোগ উত্থাপন কৰে সাংসদগৰাকীয়ে। বিজেপিয়ে চুক্তি কৰক কিন্তু আমাৰো যিখিনি দাবী আছে সেয়াও আখৰে আখৰে ৰূপায়ন কৰক বুলিও দাবী

    সহজ সৰল যিসকল বড়ো উগ্ৰপন্থী আছে, তেওঁলোকৰ সৈতে শান্তি চুক্তি হওক। কিন্তু ২০০৩ চনত বিটিচি চুক্তি কৰাৰ লেখীয়াকৈ আকৌ এখন চুক্তি কৰিবলৈ গৈ আছে কিন্তু মোক এবাৰো জনোৱা নাই। মোক সাংসদ হিচাপে জনাব লাগিছিল। দিছপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত সংবাদমেলত এই মন্তব্য নৱ কুমাৰ শৰণীয়াৰ।

    ‘শান্তি স্থাপনৰ কথা কৈ অশান্তিহে চপাই আনিলে পূৰ্বৰ চুক্তিৰে। এতিয়াওসময় আছে বিটিচিৰ ভালৰ বাবে যদি শান্তি চুক্তি কৰিছে, আৰু কিছু সময় ৰওক। আজি চুক্তি কৰিবলৈ গৈ আছে, এই চুক্তি যদি ১২ চনত কৰিলেহেতেন, হত্যা আৰু হিংসা হ্ৰাস পালেহেতেন। উগ্ৰপন্থীসকলক লৈ অইন কামহে সমাধা হৈ আছে বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে।

    আজি নৱ শৰণীয়াক ৰাইজে কিয় সাংসদ বনালে, তাৰ উগ্ৰ জাতীয়তাবাদী ধাৰাৰ মাজত অনা বড়োৱে নিৰ্বাচন খেলাটোৱে সম্ভৱ নাছিল। কিন্তু এতিয়া অৱস্থা কিছু ভাল হৈছে। সংবাদমেলযোগে এই কথা প্ৰকাশ কৰিলে নৱ কুমাৰ শৰণীয়াই। আমি গৃহমন্ত্ৰীলৈ লিখিছিলো, এই চুক্তি যাতে কেৱল বড়োসকলৰ বাবে নহয়, বিটিচিত থকা অনাবড়ো, কোচ, আদিবাসী সকলোৱে যাতে তাত অধিকাৰ পায়, কিন্তু আজি তাৰ ওলোটাহে হ’ব লৈ গৈ আছে। ক’লে সাংসদগৰাকীয়ে।

    ৭১, ৫১ চনৰ বহু মানুহৰ নাম ইচ্ছাকৃতভাৱে এনআৰচিৰ পৰা বাদ পেলাইছে বুলিও অভিযোগ উত্থাপন কৰে সাংসদগৰাকীয়ে। বিজেপিয়ে চুক্তি কৰক কিন্তু আমাৰো যিখিনি দাবী আছে সেয়াও আখৰে আখৰে ৰূপায়ন কৰক বুলিও দাবী। আমি এফালে সুখী হৈছো যে বিটিচিৰ উগ্ৰবাদীসকলে শান্তি বিচাৰিছে, চুক্তি ককিব কিন্তু, কেৱল বড়োৰ বাবে কৰিলে নহ’ব।

    অনুপ চেতিয়াৰ দ্বাৰা সকলোৱে ভাবিছিল যে আলফাৰ সৈতে আলোচনা কৰি সকলো শান্ত কৰিব পাৰিব। অসমখন কাৰো বাপেকৰ সম্পত্তি নহয়। চৰকাৰক এতিয়া বিটিচিৰ আপগ্ৰেশ্যন লাগে। গুৱাহাটী বোমাবিস্ফোৰণকে ধৰি যি গোচৰ সমূহ আছে, সেয়া যেন চলি থাকে, ন্যায়ালয়ে যি ৰায় দিয়ে, আমাৰ আপত্তি নাথাকিব.. কিন্তু যদিহে গোচৰ সমূহ উঠাই দিয়ে, তাৰ প্ৰভাৱ কিন্তু ভাল নহ’ব বুলি সংবাদমেলত সকীয়নি প্ৰদান শৰণীয়াৰ।

    UTC হ’লে লাখ লাখ ল’ৰাই গুলী খাবলৈ প্ৰস্তুত হৈছিল, আমি বুজাইছো। যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতি নহয়। আমি বিচাৰিছো। হিমন্ত বিশ্বই কোৱাৰ দৰে অসম বিভাজন নহয়, তেন্তে তাত আমাৰ একো ক’ব লগা নাই। বহুতে কৈছে ST হোৱা নাই নৱ শৰণীয়াৰ বাবেহে। এই মন্তব্য নৱ কুমাৰ শৰণীয়াৰ।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং