‘UTC গঠনৰ নামত অসমক দ্বিখণ্ডিত নকৰিব।’- সংবাদমেলত সকিয়নী সাংসদ নৱ কুমাৰ শৰণীয়াৰ। ২০০৩ চনত BTC গঠনৰ সময়ত চৰকাৰে কৰা ভুলৰ শুধৰণি কৰাৰো আহ্বান সাংসদগৰাকীৰ। NDFBৰ সৈতে চুক্তি কৰাৰ নামত অসম বিভাজিত কৰিলে পৰিস্থিতি ভয়ংকৰ হ’ব বুলিও কয় সাংসদ শৰণীয়াই।
৯খন জিলা সামৰি UTC গঠনৰ কুচ-কাৱাজৰ অভিযোগ নৱ শৰণীয়াৰ। NDFBৰে আলোচনাৰ নামত BTC নিৰ্বাচন পিছুৱাৰ পৰিকল্পনা চিন্তা চৰ্চা নকৰিবলৈ সংসদ শৰণীয়াৰ সকিয়নী। BTCত অসমীয়া ভাষা সহযোগী ভাষা কেতিয়াও হ’ব নোৱাৰিব। অসমীয়া ভাষা ১ নম্বৰ ভাষাই হৈ থাকিব লাগিব। বড়ো ভাষাক সুকীয়া মৰ্যাদা দিয়াত আপত্তি নাই বুলিও সংবাদমেলত মন্তব্য কৰে সাংসদগৰাকীয়ে।
NDFB আলোচনালৈ আহিলেও তেওঁলোকৰ ওপৰত থকা গোচৰসমূহ উঠাই নল’বলৈ আহ্বান শৰণীয়াৰ। যিহেতু আলোচনাৰ মেজলৈ অহা ULFAৰ কেডাৰৰ ওপৰতো উঠাই লোৱা নাই গোচৰ। BTCৰ অজনজাতীয় সকলৰ দখলত থকা ভূমিক লৈ চলিছে ৰাজনীতি। ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে সস্তীয়া ৰাজনীতি কৰাৰ অভিযোগ সাংসদগৰাকীৰ।
‘BTCত সংঘটিত হৈছে ৪৪২ কোটি টকাৰ কেলেংকাৰী। Tribal Sub Plane Schemeত হৈছে এই কেলেংকাৰী। UTC জৰিয়তে অবড়োক প্ৰতাৰণা কৰিলে BTCৰ পৰাই আৰম্ভ হ’ব বিকল্প ৰাজনৈতিক দল। NDFB ৰ শান্তি আলোচনাৰ অচিলা লৈ BTCৰ কাৰ্যকাল ৬ মাহলৈ বৃদ্ধিৰ ষড়যন্ত্ৰ কৰিব বিচাৰিছে বৰ্তমানৰ শাসকপক্ষই।’- এই অভিযোগ নৱ কুমাৰ শৰণীয়াৰ।
UTCক আমি মানি লম যদি অসমক বিখণ্ডিত কৰাৰ চেষ্টা কৰা নহয়। সংবাদমেলত এই মন্তব্য সাংসদ শৰণীয়াৰ। BTCত থকা প্ৰতিটো জাতি জনগোষ্ঠীৰ সৰ্বাংগীন উন্নতিৰ যদি প্ৰতিশ্ৰুতি দিয়া হয়। অন্যথা UTC ( Union Teritorial Council) ক আমি কেতিয়াও মানি নলও। এইবাৰ চুক্তি খন যাতে শেষ চুক্তি হয়, তাৰ ব্যৱস্থা কৰক চৰকাৰে।