তিতাবৰৰ বৰহোলাত নিশা সংঘটিত হৈছে এক অঘটন। নিশা ভাৰতীয় সেনাই আটক কৰা যুৱকৰ ৰহস্যজনক মৃত্যু।
মাৰনাস্ত্ৰ সৰবৰাহৰ অভিযোগত নিশা ২মান বজাত ঘৰৰ পৰা সেনাই আটক কৰিছিল জয়ন্ত বৰা নামৰ এজন যুৱকক।
উল্লেখ্য যে মৃত ২৩ বছৰীয়া যুৱক জয়ন্ত বৰা বৰহোলা থানাৰ অন্তৰ্গত বালিজান গাভৰু আলীৰ এগৰাকী প্ৰাক্তন সেনা হেম বৰাৰ পুত্ৰ।
চৰাইদেও জিলাৰ পৰা অহা ভাৰতীয় সেনা আৰু তিতাবৰৰ মহকুমা আৰক্ষীয়ে জয়ন্ত বৰাৰ বাসগৃহত চলাইছিল অভিযান।

সেনাই সন্দেহত উঠাই নিয়াৰ পিছত সেনাৰ জিম্মাতে ৰহস্যজনকভাৱে মৃত্যু হোৱা ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।
সেনাৰ অত্যাচাৰত যুৱক জনৰ মৃত্যু হোৱাৰ অভিযোগ পৰিয়াল তথা ৰাইজৰ।
পৰিয়াল সূত্ৰই জানিবলৈ দিয়া মতে,১৫ জুন ২০২০ সোমবাৰে নিশা ২মান বজাত সেনাৰ এটা দলে তিতাবৰ আৰু বৰহোলা আৰক্ষীক লগত লৈ জয়ন্ত বৰাৰ ঘৰত উপস্থিত হৈ মাৰণাস্ত্ৰ সন্ধানত তালাচী চলায়।
কিন্তু সেনাই কোনো ধৰণৰ অস্ত্ৰ নাপালে যদিও জয়ন্ত বৰাক তিনিখন কাগজত চহী কৰাই উঠাই লৈ যায়। লগতে যুৱকজনক কলৈ লৈ গৈছিল তাৰো কোনো খবৰ দিয়া নাছিল পৰিয়ালক।

পিছত পূৱাৰ ভাগত বৰহোলা আৰক্ষীয়ে যুৱকজনৰ অৱস্থা অতি গুৰুতৰ হোৱাত বৰহোলাৰ সামূহিক চিকিৎসালয়লৈ লৈ যায়। কিন্তু আদবাটতে মৃত্যু হয় যুৱকজনৰ।
জানিব পৰা জয়ন্ত বৰাৰ মৃত্যুদেহ বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গতে আছে।
Photo Credit: @sajidhussain