29 C
Guwahati
Wednesday, September 28, 2022
More

    সোমবাৰৰ পৰা অসমত নতুন যান-বাহন আইন কাৰ্যকৰী হোৱাৰ সম্ভাৱনা

    হেলমেট পৰিধান নকৰাকৈ বাইক চলালে ভৰিব লাগিব ১০০০ টকাৰ জৰিমনা

    নতুনকৈ সংশোধিত যান-বাহন আইন সোমবাৰৰ পৰা অসমত কাৰ্যকৰী হোৱাৰ সম্ভাৱনা। পূৰ্বতকৈ ৫ গুণ বৃদ্ধি পাব এই জৰিমনা। চলিত বছৰৰ আগষ্ট মাহত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ দ্বাৰা অনুমোদিত Motor Vehicle actৰ উদ্দেশ্য হ’ল পথ দুৰ্ঘটনা হ্ৰাস কৰা আৰু দেশৰ পথ সুৰক্ষা ৰেকৰ্ড উন্নীতকৰণ কৰা।

    পৰিবহন আয়ুক্ত বীৰেন্দ্ৰ মিট্টালে ক’লে যে কাইলৈ আমি অধিসূচনা জাৰি কৰিম। এই অধিসূচনাই ৰাজ্যত যান-বাহন নিয়মসমূহ লৈ আহিব বুলি আশাবাদী মিট্টাল।

    ২০১৯ৰ ১ ছেপ্টেম্বৰত যান-বাহন সংশোধনী আইন বলবৎ হৈছিল যদিও সাধাৰণ জনতাই এই নতুন নিয়মৰ বিৰোধিতা কৰিছিল। জৰিমনাৰ পৰিমান যথেষ্ট বুলি অভিযোগ উত্থাপন কৰিছিল। ইয়াৰোপৰি বানিজ্যিক বাহনৰ মালিক আৰু চালকসকলে দেশজুৰি প্ৰতিবাদো সাব্যস্ত কৰিছিল।

    তীব্ৰ প্ৰতিবাদৰ ফলত গুজৰাট আৰু কৰ্ণাটকত জৰিমনাৰ পৰিমান হ্ৰাস কৰাৰ ঘোষণা কৰা হৈছে।

    আহি আছে নতুন যান-বাহন আইনঃ
    ১. সুৰাপান কৰি গাড়ী চলালে ১০ হাজাৰ টকাৰ জৰিমনা।
    ২. জৰুৰীকালীন সেৱাৰ বাহনক বাট এৰি নিদিলে ১০ হাজাৰ টকাৰ জৰিমনা।
    ৩. মোবাইলত কথা পাতি বাহন চলালে ৫ হাজাৰ টকাৰ জৰিমনা।
    ৪. হেলমেট পৰিধান নকৰাকৈ বাইক চলালে ১০০০ টকাৰ জৰিমনা।
    ৫. ৰেচ ড্ৰাইভিং কৰিলে ৫ হাজাৰ টকাৰ জৰিমনা।
    ৬. অনুজ্ঞাপত্ৰ অবিহনে বাহন চলালে ৫ হাজাৰ টকাৰ জৰিমনা।
    ৭. তীব্ৰগতিত বাহন চলালে ৫ হাজাৰ টকাৰ জৰিমনা।
    ৮. ছীট ৱ্লেট নলগালে ১০০০ টকাৰ জৰিমনা।
    ৯. নাবালকে গাড়ী চলালে ২৫ হাজাৰ টকা জৰিমনাসহ ৩ বছৰ জেল।
    ১০. যোগ্যতা অবিহনে বাহন চলালে ১০ হাজাৰ টকাৰ জৰিমনা।
    ১১. বাহনৰ পাৰ্মিট নাথাকিলে ১০ হাজাৰ টকাৰ জৰিমনা।
    ১২. অভাৰলোডিঙত ২০ হাজাৰ টকাৰ জৰিমনা।

    Photo Credit: guwahatiplus.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং