24 C
Guwahati
Thursday, May 19, 2022
More

    সৰিয়হ ফুলৰ হালধীয়া হাঁহি চাবলৈ ক’ত বৈছে মানুহৰ লানি নিচিঙা সোঁত ?

    প্ৰতি বিঘা সৰিয়হৰ বাবে ৩ হাজাৰ টকাকৈ খৰচ কৰি আহিছে টুপামাৰী-বদলাবাসী কৃষক ৰাইজে

    বাৰিষাৰ বানে ধুৱাই নিয়া টুপামাৰী-বদলা পথাৰৰ কৃষক ৰাইজক ব্যাপক উৎসাহিত কৰিছে সৰিয়হৰ হালধীয়া ফুলে ৷ নামনি অসমৰ ভিতৰত এক সৰ্ববৃহৎ টুপামাৰী-বদলা পথাৰত হাজাৰ হাজাৰ বিঘা মাটিত এনেদৰেই আকাশ ৰঙীন কৰি ফুলিছে সৰিয়হ৷ প্ৰকৃতিৰ এনে দৃষ্টিনন্দন দৃশ্য উপভোগ কৰিবলৈ দূৰ-দূৰণিৰ মানুহৰ লানি নিচিঙা সোঁত বৈছে নগৰবেৰাৰ টুপামাৰী-বদলা পথাৰত৷

    এই সৰিয়হ খেতি টুপামাৰী-বদলা অঞ্চলৰ কৃষক ৰাইজৰ অতি জনপ্ৰিয় খেতি হিচাপে পৰিগণিত হৈছে ৷ প্ৰতি বিঘা সৰিয়হৰ বাবে ৩ হাজাৰ টকাকৈ খৰচ কৰি আহিছে টুপামাৰী-বদলাবাসী কৃষক ৰাইজে ৷ কেৱল সৰিয়হ নহয় তাৰ সমান্তৰালকৈ বিভিন্ন ধৰণৰ শাক-পাচলি, জলকীয়া খেতি কৰি আহিছে যদিও চৰকাৰ তথা কৃষি বিভাগৰ কোনো এজন বিষয়া কৰ্মচাৰী কোনো ধৰণৰ খবৰ নলয় এই সকল কৃষক ৰাইজৰ ৷

    যাৰ বাবে প্ৰত্যেক বছৰে টুপামাৰী-বদলাবাসী কৃষক ৰাইজে চৰকাৰ তথা কৃষি বিভাগক প্ৰত্যাহ্বান জনাই নিজা প্ৰচেষ্টাৰে হাজাৰ হাজাৰ বিঘা সৰিয়হ খেতি কৰি আহিছে ৷ যাৰ বাবে উচিত মূল্যৰ পৰা বঞ্চিত হোৱাৰ লগতে ব্যাপক ক্ষতিৰ সন্মখীন হ’বলগীয়া হৈছে এইসকল কৃষক ৰাইজৰ ৷

    নগৰবেৰাৰ টুপামাৰী-বদলাবাসী কৃষক ৰাইজৰ সাম্প্ৰতিক বিভিন্ন ধৰণৰ সমস্যাই গা-কৰিছে ৷ আৰু কৃষিকৰ্মৰ ক্ষেত্ৰত কৃষক ৰাইজৰ যি সমূহ সমস্যা আছে সেয়া অচিৰেই সমাধান কৰিবলৈ চৰকাৰ তথা সংশ্লিষ্ট কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীক দাবী জনাইছে কৃষক ৰাইজে ৷

    Photo Credit: @zakirhussainmondal

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং