27 C
Guwahati
Wednesday, September 21, 2022
More

    মূল্যবৃদ্ধিৰ হাতোৰা এইবাৰ মিঠাতেলৰ ৰূপত

    কিছুদিন পূৰ্বে থকা প্ৰতি লিটাৰ ৮০ টকা মূল্যৰ স্থানীয় উৎপাদিত সৰিয়হৰ তেল বৰ্তমানে ১০০ টকা হৈছে

    ৰাইজৰ ওপৰত এইবাৰ মূল্যবৃদ্ধিৰ হাতোৰা পৰিল মিঠাতেলৰ ৰূপত। বজাৰত এটাৰ পিছত আন এটা নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ পিছত এইবাৰ শাৰী পাতিছে মিঠাতেলে৷ ভোগালী বিহুৰ এসপ্তাহ পূৰ্বৰে পৰা এটকা দুটকা কৈ মূল্য বৃদ্ধি হৈ আহিছে মিঠাতেলৰ৷ বিগত পোন্ধৰ দিনত ১৫ৰ পৰা ২০ টকালৈ বৃদ্ধি পাইছে প্ৰতিলিটাৰ মিঠাতেলৰ মূল্য৷

    খাদ্যসামগ্ৰীৰ ৰন্ধন কাৰ্যত অতি প্ৰয়োজনীয় সৰিয়হৰ তেলৰ এনে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই ৰাজ্যখনৰ যোগান বিভাগ৷ কিছুদিন পূৰ্বে থকা প্ৰতি লিটাৰ ৮০ টকা মূল্যৰ স্থানীয় উৎপাদিত সৰিয়হৰ তেল একে কোবে ২০ টকা মূল্যবৃদ্ধি হোৱাৰ বিপৰীতে আমদানিকৃত ব্ৰেণ্ডেড মিঠাতেলো পূৰ্বৰ ১১০ টকাৰ সলনি ১৩০ টকা মূল্যত বিক্ৰী হ’বলৈ ধৰিছে৷

    বছৰটোৰ পহিলা মাহতে সৰ্ব-সাধাৰণক মাধমাৰ দিছে এনে মূল্য বৃদ্ধিয়ে। পিঁয়াজৰ পিছত এইবাৰ মিঠাতেলত নিয়ন্ত্ৰণ নোহোৱা হৈছে যোগান বিভাগৰ। বৰ্তমান সৰিয়হৰ খেতি হ্ৰাস পোৱা বাবেই মিঠাতেলৰ এনে মূল্যবৃদ্ধি হোৱা বুলি যুক্তি দৰ্শায় একাংশ সৰিয়হ মিলৰ মালিকে৷ তেঁওলোকৰ মতে পূৰ্বে স্থানীয় বজাৰ সমূহত যি পৰিমানে সৰিয়হ পোৱা গৈছিল বৰ্তমান বজাৰত তেনে সৰিয়হৰ অভাৱ হৈছে৷ কৃষক সকলেও অধিক লাভৰ আশাত সৰিয়হৰ খেতিৰ সলনি আন পাচলি খেতি কৰিবলৈ লৈছে৷ ভাৰতৰ অন্যান্য ৰাজ্যতো হঠাৎ মূল্য বৃদ্ধি হৈছে সৰিয়হৰ৷

    Photo: Riki Das

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং