15 C
Guwahati
Friday, January 28, 2022
More

    Breaking: তিনিচুকীয়াত চাঞ্চল্য; বনকৰা যুৱতীয়ে হত্যা কৰিলে গৃহস্থক

    প্ৰায় ১০ দিনৰ পূৰ্বে বনকৰা যুৱতী মায়াক ঘৰত ৰাখিছিল পৰিয়ালটোৱে

    তিনিচুকীয়াত চাঞ্চল্যকৰ হত্যাকাণ্ড। বনকৰা যুৱতীয়ে হত্যা কৰিলে গৃহস্থক৷ তিনিচুকীয়াৰ বৰপথাৰৰ দাসপাৰাত দিনদুপৰতে সংঘটিত হয় হত্যাকাণ্ড৷ হত্যাকাণ্ডটো সংঘটিত কৰি পলায়ন কৰে বনকৰা যুৱতী মায়াই। প্ৰায় ১০ দিনৰ পূৰ্বে বনকৰা যুৱতী মায়াক ঘৰত ৰাখিছিল পৰিয়ালটোৱে।

    বনকৰা যুৱতীৰ আক্ৰমণত থিতাতে নিহত নমিতা চৌধুৰী(৮০) নামৰ এগৰাকী মহিলা। অন্যহাতে গুৰুতভাৱে আঘাটপ্ৰাপ্ত হয় ভগ্নী সুমিতা ভট্টাচাৰ্য্য (৭৭)৷ ইতিমধ্যে ঘটনাস্থলিত আৰক্ষী উপস্থিত হৈ আঘাটপ্ৰাপ্তগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত৷

    Photo: Time8

    Published:

    3 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং