25 C
Guwahati
Thursday, October 21, 2021
More

    তামুলপুৰত লোমহৰ্ষক ঘটনা! ভিনিহিয়েকক দাৰে ঘপিয়াই হত্যা খুলশালীৰ

    কুমাৰীকাটা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত মৃত প্ৰকাশ মণ্ডলৰ পত্নী আৰু খুলশালী সঞ্জয় শীলক সোধাপোছাৰ কাৰণে থানালৈ আনে

    তামুলপুৰ থানাৰ অন্তৰ্গত কুমাৰীকাটা আৰক্ষী চকীৰ এন চি আঙাৰকাটাৰ প্ৰকাশ মণ্ডল (২৫) নামৰ লোক এজনক কালি নিশা নিজৰ খুলশালীয়ে খেদি খেদি দাৰে ঘপিয়াই হত্যা কৰি পেলাই থৈ যায়৷ জানিব পৰা মতে মৃত প্ৰকাশ মণ্ডলৰ পত্নী দীৰ্ঘদিন ধৰি মাতৃগৃহত আছিল।

    কালি নিশা প্ৰকাশে শহুৰৰ ঘৰত প্ৰৱেশ কৰিছিল৷ সেই সময়ত প্ৰকাশ মণ্ডলৰ পত্নীৰ ভাতৃ মানিক শীলে (২১) ঘৰৰ পৰা এখন দা হাতত লৈ খেদি খেদি গৈ এখন মুকলি পথাৰত নিজৰ ভিনিহিয়েক প্ৰকাশ মণ্ডলক দাৰে ঘপিয়াই ঘপিয়াই নৃশংসভাৱে হত্যা কৰে ৷

    হত্যাকাণ্ডৰ পিছতে দাখন নিজৰ ঘৰত থৈ পলায়ন কৰে৷ ইপিনে প্ৰকাশৰ পৰিয়ালৰ লোকে কুমাৰীকাটা আৰক্ষী চকীত খবৰ দিয়ে৷ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ ঘটনাস্থলীৰ পৰা প্ৰকাশ মণ্ডলৰ মৃতদেহটো উদ্ধাৰ কৰি তামুলপুৰ থানালৈ আনে৷

    কুমাৰীকাটা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত মৃত প্ৰকাশ মণ্ডলৰ পত্নী আৰু খুলশালী সঞ্জয় শীলক সোধাপোছাৰ কাৰণে থানালৈ আনে৷ উল্লেখযোগ্য যে আজি কিছুদিন পূৰ্বে মৃত প্ৰকাশ মণ্ডলে নিজৰ শাহুয়েকক কোবাই কোবাই হত্যা কৰি জে’লৰ ভাত খাব লগা হৈছিল৷

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং