15 C
Guwahati
Tuesday, January 25, 2022
More

    লোমহৰ্ষকঃ ধিঙত মহিলা হত্যাকাণ্ডক হত্যাকাৰীয়ে ৰূপ দিলে বাঘৰ আক্ৰমণৰ

    হত্যাকাণ্ডৰ সমগ্র ঘটনাটো গাপ দিবলৈ অঞ্চলটোত মাতৃ-পুত্ৰয়ে বিয়পাই দিয়ে বাঘৰ আতংক। পাকঘৰৰ ভিতৰৰ পৰা বাঘে আক্ৰমণ কৰি জমিলা খাতুনক চোঁচৰাই নিলে বুলি চিঞৰ বাখৰ লগায় তেওঁলোকে। লগে লগে বাঘ ওলোৱাৰ খবৰ বিয়পি পৰে সমগ্র অঞ্চলটোত

    ধিঙত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী মহিলাক হত্যা কৰি হত্যাকাৰীয়ে হত্যাকাণ্ডক ৰূপ দিলে বাঘৰ আক্ৰমণৰ। ঘটনা অনুসৰি ধিঙৰ শালকাটিৰ আব্দুল ৰেজাক নামৰ লোকজনৰ দুগৰাকী পত্নী ক্ৰমে জমিলা খাতুন আৰু ৰুবীয়া খাতুন আৰু দুয়োৰে সন্তানৰ মাজত বিগত বহু দিনৰ পৰাই চলি আহিছিল পৰিয়ালকেন্দ্ৰিক সংঘাত।

    সেই সংঘাতেই চূড়ান্ত ৰূপ লয় মঙলবাৰৰ সন্ধিয়া। দ্বিতীয় পত্নী ৰুবীয়া খাতুন আৰু পুত্র সন্তানে মিলি পৰিকল্পিতভাৱে হত্যা কৰে প্ৰথমা পত্নী ৰুবীয়া খাতুনক। পাকঘৰত ভাত ৰান্ধি থকা অৱস্থাত চোকা অস্ত্রৰে আক্ৰমণ কৰি হত্যা কৰে ৰুবীয়া খাতুনক। পিছত মৃতদেহটো চোঁচৰাই নি হত্যাকাৰীয়ে লুকুৱাই ৰাখে ওচৰৰে বিলত।

    হত্যাকাণ্ডৰ সমগ্র ঘটনাটো গাপ দিবলৈ অঞ্চলটোত মাতৃ-পুত্ৰয়ে বিয়পাই দিয়ে বাঘৰ আতংক। পাকঘৰৰ ভিতৰৰ পৰা বাঘে আক্ৰমণ কৰি জমিলা খাতুনক চোঁচৰাই নিলে বুলি চিঞৰ বাখৰ লগায় তেওঁলোকে। লগে লগে বাঘ ওলোৱাৰ খবৰ বিয়পি পৰে সমগ্র অঞ্চলটোত।

    ঘটনাস্থলীত উপস্থিত হৈ ধিং আৰক্ষীয়ে মহিলাগৰাকীৰ উদ্ধাৰ অভিযান চলায়। অভিযানত ওচৰেৰে এটি বিলৰ পানী মেটেকাৰ তলত উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ। সম্প্রতি ধিং আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। তদন্তত সমগ্ৰ ঘটনাৰ প্ৰকৃত সত্য পোহৰলৈ অহাত ধিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হত্যাকাৰী মাতৃ-পুত্ৰক।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং