১৭- ২০ জানুৱাৰীলৈ মহাৰাষ্ট্ৰ ঔৰংগাবাদত সংগীত নাটক অকাডেমি সাংস্কৃতিক বিভাগ ভাৰত চৰকাৰৰ সহযোগত ,মহাগামী সংগীত একাডেমীৰ উদ্যোগত ঔৰংগাবাদত অনুষ্ঠিত হোৱা মহা মানৱ মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি “Sharngndeva samaruh”ত (সমাৰোহ) ভাৰতবৰ্ষৰ বহুকেইখন প্ৰদেশে অংশগ্ৰহণ কৰে। সংগীত জগতৰ গৱেষক পণ্ডিত, সংগঠক, সাধক, শিল্পীৰ উপস্থিতিয়ে অনন্য মাত্ৰা প্ৰদান কৰিছে।
১১ সংখ্যক সাৰংগ সমাৰোহৰ প্ৰথম দিনা ১৭ জানুৱাৰী তাৰিখে ভূটানৰ বৌদ্ধ ধৰ্মৰ গুৰুৱে অংশগ্ৰহণ কৰি আলোচনা সত্ৰত বৌদ্ধ ধৰ্ম আৰু সংস্কৃতিৰ ওপৰত আলোকপাত কৰে। ইয়াৰ পাছতে অসমৰ সত্ৰীয়া সংস্কৃতিৰ পৰম্পৰা শৈলীৰ ওপৰত আলোচনা সত্ৰলৈ বিশেষভাৱে আমন্ত্ৰিত সমল ব্যক্তি অসমৰ সত্ৰীয়া সংস্কৃতিৰ গৱেষক পণ্ডিত প্ৰাধ্যাপক ড’প্ৰদীপ জ্যেতি মহন্ত দেৱে “সত্ৰীয়া কলা পৰম্পৰাত শাস্ত্ৰ আৰু প্ৰয়োগৰ ৰীতি” শীৰ্ষক বিষয়ত আলোচনা সত্ৰত বিস্তৃত ভাৱে সাৱলীল আৰু উচ্ছ প্ৰশংসিত আলোকপাত আগবঢ়ায়।

মহন্তৰ গৱেষণামূলক আলোচনাত সহযোগিতা আগবঢ়াই উত্তৰ কমলাবাৰী সত্ৰৰ অধ্যাপক ভৱেন বৰবায়ন, নিতুল বৰবায়ন ,উপেন বৰগায়ন ,তীৰ্থ ভূঞা বৰগায়ন। আলোচনা সত্ৰত পৰম্পৰাগতভাৱে সত্ৰত প্ৰচলিত প্ৰসংগীয়া আৰ্হিত বৰগীত পৰিৱেশন কৰে।
ভৱেন বৰ বায়নৰ পৰিচালনাত ১২ জনীয়া শিল্পী দলে ২২ মিনিট পূৰ্বৰংগ গায়ন বায়ন পৰিবেশন কৰে। গুৰুজনাৰ অসৰ সৃষ্টি গায়ন বায়নে সকলো দৰ্শকৰে দৃষ্টি আকৰ্ষণ কৰে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংস্কৃতিক মঞ্চত উজলি উঠা গায়ন বায়নৰ নান্দনিক পৰিবেশন দেখি অভিভূত হ’ল সকলো।