22 C
Guwahati
Tuesday, October 26, 2021
More

    মিষ্টাৰ এছিয়া খিতাপ দখল শিৱসাগৰৰ ইমটিয়াজ আলি বড়াৰ

    বিশ্বৰ আগশাৰীৰ মুঠ ৭ খন দেশে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ প্ৰতিনিধিত্ব কৰিছিল ইমতিয়াজ আলি বৰাই

    সমগ্ৰ ৰাজ্যবাসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত ব্যস্ত থকাৰ মাজতে এক সুখবৰ কঢ়িয়াই আনিছে এজন খেলুৱৈয়ে। অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা কৃতিমান খেলুৱৈগৰাকী হৈছে বডি বিল্ডাৰ ইমটিয়াজ আলি বড়া৷ শিৱসাগৰ মেছাগড়ৰ নিবাসী বড়া।

    সুদুৰ থাইলেণ্ডৰ পাটাইয়াত অনুষ্ঠিত Cup International Body Building (CIBB)ৰ দ্বাৰা আয়োজিত মিষ্টাৰ এচিয়া কাপ বডি বিল্ডিং প্ৰতিযোগিতাত ইমটিয়াজ আলি বড়াই মিষ্টাৰ এছিয়া খিতাপ দখল কৰি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ বিশ্বৰ আগশাৰীৰ মুঠ ৭ খন দেশে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ প্ৰতিনিধিত্ব কৰিছিল ইমতিয়াজ আলি বৰাই৷ জাতিৰ সংকটৰ সময়ত এনে খবৰে অঞ্চল তথা অসমবাসীলৈ সুখৰ বাৰ্তা বিয়পাইছে৷

    Input and Photo Credit : @bikasharandhara

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং