32 C
Guwahati
Thursday, October 6, 2022
More

    ৰাজ্যসভাৰ আসনৰ বাবে মনোনয়ন দাখিল অজিত ভূঞা আৰু ভূৱনেশ্বৰ কলিতাৰ

    ৰাজ্যসভাৰ তিনিখন আসনৰ বাবে অহা ২৬ মাৰ্চত অনুষ্ঠিত হ'ব নিৰ্বাচন

    আজি প্ৰাক্তন কংগ্ৰেছ আৰু AIUDFৰ সংযুক্ত প্ৰাৰ্থী কংগ্ৰেছ সাংসদ ভূৱনেশ্বৰ কলিতা আৰু জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাই ৰাজ্যসভাৰ আসনৰ বাবে মনোনয়ন দাখিল কৰে। আজি মনোনয়ন দখিলৰ অন্তিম দিন আৰু মনোনয়ন প্ৰত্যাহাৰ শেষ দিন ১৮ মাৰ্চ ৷ ভূৱনেশ্বৰ কলিতাই ২০১৯ৰ ৫ আগষ্টত কংগ্ৰেছ দল ত্যাগ কৰিছিল আৰু ২০১৯ৰ ৯ আগষ্টত বিজেপিত যোগদান কৰিছিল।

    হাতে হাত ধৰি মনোনয়ন দাখিল কৰিবলৈ যায় অজিত কুমাৰ ভূঞাই। ৰাজ্যসভাৰ তিনিখন আসনৰ বাবে অহা ২৬ মাৰ্চত অনুষ্ঠিত হ’ব নিৰ্বাচন৷ অসম বিধানসভাৰ চেণ্ট্ৰেল হলত ২৬ মাৰ্চৰ পুৱা ন বজাৰ পৰা বিয়লি চাৰি বজালৈ অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন ৷ এই নিৰ্বাচনৰ ভোটগণনা ২৬ মাৰ্চৰ সন্ধিয়া পাঁচ বজাত হ’ব ৷

    ১৭খন ৰাজ্যৰ ৫৫খন আসনৰ বাবে অনুষ্ঠিত হ’ব ৰাজ্যসভা নিৰ্বাচন। আনকেইখন ৰাজ্য হ’ল ক্ৰমে মহাৰাষ্ট্ৰ, ওড়িশা, তামিলনাডু, পশ্চিমবংগ, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, বিহাৰ, চত্তীশগড়, গুজৰাট, হাৰিয়ানা, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, মণিপুৰ, ৰাজস্থান আৰু মেঘালয়।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং