27 C
Guwahati
Thursday, October 14, 2021
More

    মই যদি বাংলাদেশী মোক খেদি নিদিয়ে কিয়; নোমল মমিনৰ বিতৰ্কিত মন্তব্যত প্ৰতিক্ৰিয়া মটিউৰ ৰহমান মণ্ডলৰ

    বাধ্যত পৰি মোগলৰ দিনত স্থানীয় বহুলোক মুছলমান হৈছিল। নাৰী আসক্তিৰ বাবেই মোগল সাম্ৰাজ্য ধ্বংস হৈছিল। মমিনুল আৱাল তেনে বাধ্যত পৰি হোৱা মুছলমানৰ অবৈধ সন্তান নেকি বুলি প্ৰশ্ন উত্থাপন বিধায়ক এ কে ৰচিদ আলমৰ

    ‘মই যদি বাংলাদেশী মোক খেদি নিদিয়ে কিয়। লুঙী, টুপী আৰু পোচাক চায়েই বাংলাদেশী বুলি ক’লে নহ’ব। ৫১ৰ NRCত মোৰ বয়স ৫ বছৰ। ৰাজনৈতিক উদ্দেশ্যত এই কথা কৈছে। মই দ্বিতীয়বাৰৰ কাৰণে বিধায়ক হৈছো। বুৰঞ্জী পঢ়া নাই তেওঁলোকে। পাৰে যদি বাংলাদেশী বুলি প্ৰমাণ কৰক।’- মানকাচৰৰ বিধায়ক মটিউৰ ৰহমান মণ্ডলক বিজেপি বিধায়ক নোমল মমিনে বাংলাদেশী বুলি কোৱা বিতৰ্কিত মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়ক মণ্ডলৰ।

    নোমল মমিন আৰু মমিনুল আৱালৰ বিতৰ্কিত মন্তব্যত বিস্ফোৰক প্ৰতিক্ৰিয়া কংগ্ৰেছ বিধায়ক এ কে ৰচিদ আলমৰ। গাৰোসকলৰ হৈ নোমল মোমিনে বিধানসভাত এটা মাতো মতা নাই আজিলৈ। মই সদনত গাৰো সমস্যাকলৈ মাত মাতোতে তেখেতৰ সমৰ্থন বিচাৰিছিলো। কিন্তু তেখেতে সমৰ্থন নিদিলে। নোমল মমিন আৰু মমিনুল আৱালৰ DNA টেষ্ট কৰাব লাগিব।

    ‘বাধ্যত পৰি মোগলৰ দিনত স্থানীয় বহুলোক মুছলমান হৈছিল। নাৰী আসক্তিৰ বাবেই মোগল সাম্ৰাজ্য ধ্বংস হৈছিল। মমিনুল আৱাল তেনে বাধ্যত পৰি হোৱা মুছলমানৰ অবৈধ সন্তান নেকি?’- মমিনুল আৱালৰ বিতৰ্কিত মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কংগ্ৰেছ বিধায়ক এ কে ৰচিদ আলমৰ। মানকাচৰ বুলিলেই কেৱল লুঙী আৰু লুঙীয়েই বুলি মন্তব্য কৰিছিল মমিনুল আৱালে।

    Photo credit: Motiur Rohman Mondal (Facebook)

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং