গোৱালপাৰাৰ মাটিয়াৰ সিধাবাৰীত লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত। পথৰ এটা কালভাৰ্টৰ তলত উদ্ধাৰ মৃতদেহ দুটা। মাতৃ আৰু পুত্ৰৰ মুণ্ডহীন মৃতদেহ উদ্ধাৰৰ পিছতে অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।
উদ্ধাৰ হোৱা মৃত মহিলাগৰাকীৰ নাম জায়েদা ভানু আৰু ৩ বছৰীয়া সন্তানৰ নাম জামিৰুল ইছলাম। দুয়োকে স্বামী ইয়াকুব আলীয়ে হত্যা কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।