18 C
Guwahati
Friday, January 14, 2022
More

    ১২ লাখ টকা শিৰৰ মূল্যধাৰী মোষ্ট ৱাণ্টেড মুজাহিদিন কমাণ্ডাৰক ধৰাশায়ী ভাৰতীয় সেনাৰ

    ২০১৭ চনত হিজব-উল-মুজাহিদিনৰ কমাণ্ডাৰ হিচাপে নিয়োগ হৈছিল ৰিয়াজ নায়কু

    অৱশেষত মৃত্যু ঘটিল ১২ লাখ টকা শিৰৰ মূল্যধাৰী মোষ্ট ৱাণ্টেড মুজাহিদিন কমাণ্ডাৰৰ। ২০২০, ৬ মে’ বুধবাৰে ভাৰতীয় সেনাই বোমেৰে উৰুৱাই দিয়ে কমাণ্ডাৰ জনে আশ্ৰয় লৈ থকা ঘৰটো। তাতেই মৃত্যু ঘটে কমাণ্ডাৰ জনৰ।

    ভাৰতীয় সেনাই পিছত ভালদৰে পৰীক্ষা নিৰিক্ষা কৰি চৰকাৰীভাৱে ঘোষিত কৰে এই মৃত্যুৰ বাতৰি। হিজব-উল-মুজাহিদিন কমাণ্ডাৰ মোষ্ট ৱাণ্টেড ৰিয়াজ নায়কুক কালি নিশাৰে পৰা ধৰাশায়ী কৰাৰ বাবে ভাৰতীয় সেনাই চলাইছিল প্ৰচণ্ড গুলীয়াগুলী।

    সেই সময়তে নিহত হয় এটা সন্ত্ৰাসবাদী। উল্লেখ্য যে, ২০১৭ চনত হিজব-উল-মুজাহিদিনৰ কমাণ্ডাৰ হিচাপে নিয়োগ হৈছিল ৰিয়াজ নায়কু।

    Photo credit: riyaz-naikoo

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং