17 C
Guwahati
Sunday, November 28, 2021
More

    Breaking: ৩০ মাৰ্চলৈকে বাতিল কেইবাখনো বিমান

    কৰ'ণাৰ বাবে বাতিল কৰা হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো বিমান

    কৰ’ণা ভাইৰাছে সমগ্ৰ বিশ্বক ত্ৰাসিত কৰিছে। এতিয়া সমগ্ৰ বিশ্ব থিয় দিছে মহামাৰী কৰ’ণাৰ বিৰুদ্ধে। কৰ’ণাৰ ক্ষেত্ৰত প্ৰভাৱ পৰিছে বাণিজ্যিক ক্ষেত্ৰত। বিমানসেৱাতো পৰিছে ইয়াৰ বিৰূপ প্ৰভাৱ। কৰ’ণাৰ বাবে বাতিল কৰা হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো বিমান। ২৪মাৰ্চৰ পৰা ৩০ মাৰ্চলৈ বাতিল কৰা হ’ল কেইবাখনো বিমান। ডিব্ৰুগড়-কলিকতা-গুৱাহাটীলৈ অহা-যোৱা কৰা স্পাইছজেটৰ SG 3745,SG 3748,SG 3319, SG 3319,SG 3747 SG 3746, SG 3320,SG 3320ৰ ৮খন বিমান আগন্তুক ৩০মাৰ্চলৈ বাতিল কৰা হৈছে।

    লগতে আজি বৰঝাৰ বিমানবন্দৰলৈ অহা SG 3319,SG8152, SG 8169,AI0780,SG0608 বাতিল কৰা হৈছে। ডিব্ৰুগড়,দিল্লী,শিলচৰ,চেন্নাই,কলিকতাৰ পৰা গুৱাহাটীলৈ আহিবলগীয়া বিমান বাতিল কৰা হৈছে আজিৰ দিনটোত। আনহাতে স্পাইছজেটে ডিব্ৰুগড়লৈ বাতিল কৰিলে অহা-যোৱা ৮খন বিমান। উল্লেখ্য যে বিমান কৰ্তৃপক্ষই তেওঁলোকৰ কাৰ্য্যক্ষম অসুবিধাৰ বাবে এই সমূহ বিমান বাতিল কৰা বুলি জনাই বিমানবন্দৰ কৰ্তৃপক্ষই। কিয়নো যাত্ৰীৰ যথেষ্ট অভাৱ ঘটিছে বিমানসেৱাত।

    Photo Credit: routesonline.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং