27 C
Guwahati
Wednesday, October 13, 2021
More

    বন্ধ সমৰ্থনকাৰীক হাত যোৰ কৰি ক্ষমা বিচাৰিলে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই

    বহুসময় জুৰি সৃষ্টি হোৱা তীব্ৰ বাক বিতণ্ডাত বন্ধ সমৰ্থনকাৰীৰ ওচৰত সেও মানে আৰক্ষী অধীক্ষকগৰাকীয়ে

    নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে সদৌ চুতীয়া জাতি ছাত্ৰ সন্থাই দিয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে সমগ্ৰ ৰাজ্যজুৰি। বন্ধৰ সমৰ্থনত ওলাই আহিল সদৌ চুতীয়া জাতি ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাৰ লগতে বহু বন্ধৰ সমৰ্থক। বন্ধৰ সমৰ্থকসকলে টায়াৰ জ্বলাই, পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

    ইয়াৰ মাজতে মৰাণত অসম বন্ধ সমৰ্থনকাৰীৰ সৈতে চৰাইদেউ জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ তৰ্কাতৰ্কি লাগে। আনন্দ মিশ্ৰই বন্ধ সমৰ্থনকাৰীসকলক ‘ফাল্টু’ বুলি কোৱাত ক্ষোভত ফাটি পৰে বন্ধ সমৰ্থকসকল। বহুসময় জুৰি সৃষ্টি হোৱা তীব্ৰ বাক বিতণ্ডাত বন্ধ সমৰ্থনকাৰীৰ ওচৰত সেও মানি অৱশেষত হাত যোৰ কৰি ক্ষমা প্ৰাৰ্থনা বিচাৰে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং