30 C
Guwahati
Friday, May 26, 2023
More

    নাজিৰাত পুনৰ ম’ৰেল পুলিচিং, ৭ গৰাকী পুৰুষ আৰু মহিলাক গছত বান্ধি প্ৰহাৰ

    শিৱসাগৰৰ নাজিৰাত বৃহস্পতিবাৰৰ পুৱতি নিশা সংঘটিত হয় ম’ৰেল পুলিচৰ ঘটনা। গেলেকীৰ কলগাঁ‌ঁৱৰ ভাইটি আলী নামৰ এজন লোকৰ ইটাভাটাত কাম কৰা ৭ জনকৈ শ্ৰমিকক গছত বান্ধি প্ৰহাৰ কৰে একাংশ ম’ৰেল পুলিচে।

    শ্ৰমিককেইজনৰ ঘৰ আছিল ধুবুৰী জিলাৰ গৌৰীপুৰত। ইটাভাটাৰ জমেচৰ আলী নামৰ ঠিকাদাৰ আৰু মালিকজনে কামৰ বিনিময়ত ধন নিদিয়াৰ অভিযোগ শ্ৰমিককেইজনৰ। ধন নিদিয়াত ইটাভাটাৰ পলাই আহোতে নাজিৰা হুদুপাৰাত একাংশ ৰাইজে ৭ জনকৈ শ্ৰমিকক চোৰ সজাই গছত বান্ধি উৰ্পযুপৰি প্ৰহাৰ কৰে।

    এই সাত জন শ্ৰমিকৰ লগত আছিল এটি এবছৰীয়া শিশু। ম’ৰেল পুলিচৰ হাতত প্ৰহাৰ হোৱা শ্ৰমিককেইজনৰ নাম ক্ৰমে কবজুৰ ৰহমান, আনোৱাৰ আলী, আবেদ আলী, ৰেজিয়া বেগম, চাৰজিনি বিবি, চৰিয়া বিবি আৰু ৰেহেন আলী। শ্ৰমিককেইজনক নাজিৰাৰ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

    Guwahati | Edited by: Dulu Medhi | First Published: Aug 22

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং