26 C
Guwahati
Wednesday, September 28, 2022
More

    মোদীক নহয়, পাকিস্তানৰ এক অনুষ্ঠানলৈ এইবাৰ মনমোহন সিঙকহে আমন্ত্ৰণ

    কৰতাপুৰ কৰিডৰৰ শুভ উদ্বোধনী অনুষ্ঠানলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণৰ বাবে পাকিস্তানে এইপৰ্যন্ত লোৱা নাই কোনো সিদ্ধান্ত। পাকিস্তানৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ফেছলে কয় যে কৰতাপুৰ কৰিডৰৰ শুভ উদ্বোধনী অনুষ্ঠানলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ কৰিবৰ বাবে এইপৰ্যন্ত কোনো সিদ্ধান্ত লোৱা নাই পাকিস্তানে।

    ৯ নৱেম্বৰত ভাৰতীয় শিখ তীৰ্থযাত্ৰীসকলৰ বাবে খোলা হ’ব কৰতাপুৰ কৰিডৰ। এই কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙক নিমন্ত্ৰণ জনাইছে পাকিস্তানে। ভাৰতৰ চিৰবৈৰী পাকিস্তানৰ বিদেশ মন্ত্ৰী শ্বাহ মহমুদ কুৰেশ্বীয়ে কৈছে যে কৰতাপুৰ কৰিডৰ খোলাৰ বাবে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ মনমোহন সিঙক জনোৱা হৈছে নিমন্ত্ৰণ।

    কৰতাপুৰ কৰিডৰ খোলাৰ বাবে প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়ে পাকিস্তানে। বহু আলোচনা-পৰামৰ্শৰ অন্ততহে কৰতাপুৰ কৰিডৰৰ শুভ উদ্বোধনী অনুষ্ঠানলৈ অতিথি হিচাপে পাকিস্তানে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক আমন্ত্ৰণ জনোৱাৰ সিদ্ধান্ত লৈছে বুলি ক’লে বিদেশ মন্ত্ৰী শ্বাহ মহমুদ কুৰেশ্বীয়ে। মনমোহন সিং ধাৰ্মিক আৰু তেওঁৰ যথেষ্ট সন্মান আছে পাকিস্তানত। সেই বাবেই মনমোহন সিঙক এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা বুলিও ক’লে পাকিস্তানৰ বিদেশ মন্ত্ৰীগৰাকীয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং