26 C
Guwahati
Thursday, September 29, 2022
More

    দুৰ্বৃত্তই এজনৰ পৰা চুৰি কৰি নিলে ৪০ হাজাৰ টকা

    বেংকৰ পৰা টকা উলিয়াই আনি সন্মুখতে থকা দোকানত তামোল গৈছিল লোকজন, বাইকতে থৈ গৈছিল টকাভৰ্তি বেগটো আৰু তাৰেই সুযোগ লৈ দুৰ্বৃত্তই লৈ গ'ল টকাখিনি

    হোজাই জিলাৰ লংকাত পুনৰ বেংক গ্ৰাহকৰ পৰা ধন লুট। ৰূপণ দে’ নামৰ লোকজনৰ ৪০‌ হাজাৰ‌ টকা চুৰি কৰি নিলে দুৰ্বৃত্তই। লংকাৰ শ্বিলং ৰোডস্থিত ইউ বি আই বেংকৰ পৰা লোকজনে উলিয়াই আনিছিল ৪০ হাজাৰ টকা।

    বেংকৰ পৰা টকা উলিয়াই আনি সন্মুখতে থকা দোকানত তামোল গৈছিল লোকজন, বাইকতে থৈ গৈছিল টকাভৰ্তি বেগটো আৰু তাৰেই সুযোগ লৈ দুৰ্বৃত্তই লৈ গ’ল টকাখিনি। ঘটনা সন্দৰ্ভত লোকজনে থানাত ৰুজু কৰিছে গোচৰ আৰু এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং