25 C
Guwahati
Wednesday, October 20, 2021
More

    দুৰ্গা পূজা সমাগত, সাৱধান হওক আপুনি কাৰণ…

    ৰাজ্যত উত্সৱৰ বতৰৰ সময়ত এতিয়া পিয়াপি দি ঘূৰি ফুৰিছে দুষ্ট চক্ৰ। ঠায়ে ঠায়ে সংঘটিত হৈ আছে চুৰি, ডকাইতিৰ দৰে বহু অপৰাধজনিত ঘটনা। লগতে দুৰ্গা পূজালৈ মাজত আছে কেইটামান দিন। পুজাৰ পূৰ্বে বজাৰত ভিৰ লোকৰ মাজত গৈ সুযোগ ল’ব পাৰে দুৰ্বৃত্তই। তেনে এক ঘটনাই সংগটিত হৈছে কৰিমগঞ্জত। চহৰখনৰ মদন মোহন ৰোডত লুটিলে এগৰাকী মহিলাৰ ধন।

    মহিলাগৰাকীয়ে পূজাৰ সামগ্ৰী কৰিবলৈ প্ৰৱেশ কৰিছিল এখন দোকানত। সামগ্ৰী ক্ৰয়ত ব্যস্ত হৈ পৰে মহিলাগৰাকী। তেনে সময়তে সুযোগ লয় দুৰ্বৃত্তই। মহিলাগৰাকীয়ে সামগ্ৰী ক্ৰয়ত ব্যস্ত থকাৰ সময়তে কৌশলেৰে মহিলাগৰাকীৰ বেগৰ পৰা চুৰি কৰি নিয়ে ১৫ হাজাৰ টকা আৰু এই সমগ্ৰ ঘটনাৰ দৃশ্য বন্দী হৈ পৰে দোকানখনৰ চি চি টিভি কেমেৰাত।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং