20 C
Guwahati
Saturday, January 29, 2022
More

    মগজুৰ বিকৃতি ঘটিছে আমিনুল ইছলামৰ; এই আক্ৰমণাত্মক মন্তব্য মমিনুল আৱালৰ

    আজিৰ পৰা মোৰ নামৰ পিছত অৰ্থাৎ চৈয়দ মমিনুল আৱাল গৰীয়া বুলি লিখিলো।'- সংবাদমেলত এই মন্তব্য মমিনুল আৱালৰ

    খিলঞ্জীয়া আৰু মুছলমান শব্দ দুটা নিগমৰ পৰা আঁতৰাই দিয়াৰ বাবে অনুৰোধ জনাইছো। ইয়াৰ পৰিৱৰ্তে গৰীয়া মৰিয়া দেশী আৰু চাহ জনগোষ্ঠীৰ জুলহাৰ নামত এই নগমৰ নামাকৰণ কৰাৰ দাবী মমিনুল আৱালৰ। মঙলবাৰে মন্ত্ৰী ৰঞ্জিত দত্তৰ উপস্থিতিত অনুষ্ঠিত এক বৈঠকত দাবী জনাইছিল জনগোষ্ঠীয় সমন্বয় পৰিষদ আৰু উপস্থিত সকলো পক্ষই।

    মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰিছে বুলিও কয়। লগতে আজিৰ পৰা সকলোকে নিজৰ নামৰ পিছত গৰিয়া, মৰিয়া, দেশী আৰু চাহ জনগোষ্ঠীয় জোলহা বুলি লিখিবলৈ অনুৰোধ জনালো। ‘আজিৰ পৰা মোৰ নামৰ পিছত অৰ্থাৎ চৈয়দ মমিনুল আৱাল গৰীয়া বুলি লিখিলো।’- সংবাদমেলত এই মন্তব্য মমিনুল আৱালৰ।

    আহোমসকল প্ৰকৃত খিলঞ্জীয়া নহয় বুলি কোৱাটোৱে প্ৰমাণ কৰিছে যে তেওঁ মানসিকভাৱে বিকাৰগ্রস্ত। মগজুৰ বিকৃতি ঘটিছে। তেওঁলোকে কেৱল প্ৰৱজনকাৰী বংগীয় মূলৰ লোকৰ কথা চিন্তা কৰে। AIUDFৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে আক্ৰমণাত্মক মন্তব্য মমিনুল আৱালৰ।

    এআইইউডিএফৰ দুই আমিনুলৰ চিন্তা কেৱল বংগীয় মূলৰ মুছলমানৰ বাবে। চৰকাৰে ব্যৱস্থা ল’ব লাগে। তেওঁৰ এনে মন্তব্যই অসমীয়া সমাজৰ ঐতিহ্য, পৰম্পৰা আদিত আঘাত হানিব। সেয়ে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল’ব লাগে চৰকাৰে। বিধানসভাত যাতে এনে বংগীয় মূলৰ মুছলমান বিধায়ক আহিব নোৱাৰে তাৰ বাবে আমি যুঁজিব লাগিব।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং