27 C
Guwahati
Friday, September 30, 2022
More

    বিশেষ বিমানেৰে যাত্ৰা কৰিব মোদীয়ে, বায়ুসেনাৰ পাইলটেহে চলাব লাগিব বিমানখন

    এতিয়াৰে পৰা মোদীয়ে যাত্ৰা কৰা বিমান নচলায় এয়াৰ ইণ্ডিয়াৰ পাইলটে। অহা বছৰ জুলাই মাহত ভাৰতৰ হাতলৈ আহিব দুখন কাষ্টমাইজড বি-৭৭৭ বিমান

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিখন বিমানেৰে যাত্ৰা কৰে, এতিয়াৰে পৰা বায়ুসেনাৰ পাইলেটেহে চলাব সেইখন বিমান। এজন শীৰ্ষ পৰ্যায়ৰ বিষয়াই সদৰী কৰা মতে এতিয়াৰে পৰা মোদীয়ে যাত্ৰা কৰা বিমান নচলায় এয়াৰ ইণ্ডিয়াৰ পাইলটে। অহা বছৰ জুলাই মাহত ভাৰতৰ হাতলৈ আহিব দুখন কাষ্টমাইজড বি-৭৭৭ বিমান।

    বৰ্তমান বি-৭৪৭ বিমান আছে ভাৰতৰ লগত, য’ত উঠি যাত্ৰা কৰে প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিয়ে। আৰু এতিয়া দুখন নতুন বিমান বি-৭৭৭ অনা হ’ব ভাৰতলৈ, অহা বৰ্ষৰ জুলাইত আনিবলগীয়া বিমান দুখন চলাব বায়ুসেনাৰহে পাইলটে। লগতে বিমান দুখনত নতুন মিছাইল সংযুক্ত হৈ থাকিব, যাৰ ফলত জৰুৰীকালীন অৱস্থাত যোগ্য প্ৰত্যুত্তৰ দিব পাৰিব শত্ৰুক।

    অহা বছৰৰ জুলাইৰ ভিতৰত আমেৰিকাৰ বিমান নিৰ্মাতা কোম্পানী বয়িঙে দুখন নতুন বি-৭৭৭ বিমান পঠিয়াব ভাৰতলৈ। যি কেৱল বায়ুসেনাৰ পাইলেটেহে পাৰিব চলাব। ইয়াৰ বাবে বি-৭৭৭ বিমান চলাবলৈ ৪-৬জন পাইলটক ইতিমধ্যে প্ৰশিক্ষণ দিছে ভাৰতীয় বায়ুসেনাই। বায়ুসেনাৰ আৰু কেইবাজনো পাইলটক পৰৱৰ্তী সময়ত দিয়া হ’ব প্ৰশিক্ষণ।

    এই নতুন বি-৭৭৭ বিমান দুখনত থাকিব ষ্টেছ-অব-দ্য-আৰ্ট মিছাইল ডিফেন্স ছিষ্টেম। এই মিছাইল ডিফেন্স ছিষ্টেম নাম হ’ল লাৰ্জ এয়াৰক্ৰাফ্ট ইনফ্ৰাৰেড কাউণ্টাৰমেজৰ্ছ। ইয়াৰোপৰি থাকিব ছেল্ফ প্ৰটেকচন ছুটচো। এই দুয়োটা ডিফেন্স ছিষ্টেমৰ মূল্য প্ৰায় ১,৩৪৯ কোটি টকা।

    Photo Credit : hindustantimes.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং