18 C
Guwahati
Thursday, November 24, 2022
More

    ১৭ মে’ৰ পিছত পুনৰ বৃদ্ধি হ’ব নেকি লকডাউন! কাইলৈ মোদীৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক

    ভিডিঅ' কনফাৰেন্সিং যোগে কৰিব গুৰুত্বপূৰ্ণ আলোচনা

    ১১ মে’ সোমবাৰে অৰ্থাৎ কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী সকলৰ গুৰুত্বপূৰ্ণ বৈঠক। প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে কৰিব আলোচনা। ভিডিঅ’ কনফাৰেন্সিং যোগে কৰিব গুৰুত্বপূৰ্ণ আলোচনা। দেশৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মিলিত হ’ব এই আলোচনাত।

    নৰেন্দ্ৰ মোদীৰ অফিচিয়েল টুইটাৰ যোগে সদৰি কৰিছে এই পঞ্চম ভিডিঅ’ কনফাৰেন্সিঙৰ কথা যি ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে হ’ব। ভিডিঅ’ কনফাৰেন্সযোগে হ’ব লগা এই বৈঠক হ’ব লকডাউন আৰম্ভ হোৱাৰ পৰা মুখ্যমন্ত্ৰীসকলৰ সৈতে পঞ্চমখন বৈঠক।

    বিয়লি ৩ বজাত বৈঠকখন আৰম্ভ হ’ব। দেশত অব্যাহত থকা লকডাউনৰ প্ৰসংগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনা কৰিব। বৈঠকত প্ৰধানমন্ত্ৰীৰ উপৰিও গৃহমন্ত্ৰী অমিত শ্বাহ, স্বাস্থ্যমন্ত্ৰী ডা০ হৰ্ষ বৰ্ধন, মুখ্য সচিবসকল, গৃহ বিভাগৰ সচিবসকল, স্বাস্থ্য সচিব সকলেও অংশ ল’ব।

    Photo Credit: @PMOIndia

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং