24 C
Guwahati
Saturday, March 18, 2023
More

    লকডাউনৰ সময়ত মোদী চৰকাৰৰ বৃহৎ ঘোষণা, দেশৰ মহিলাই লাভ কৰিব বহু বিনামূলীয়া সুবিধা; কি কি আছে এই তালিকাত

    ধন আৰু গেছৰ বাহিৰে দেশৰ মহিলা সকলে লাভ কৰিব অন্ন

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা ২১ দিনীয়া লকডাউনৰ সময়তে দেশৰ জনতালৈ আকৰ্ষণীয় আঁচনিৰ লগতে বহু সুবিধা কেন্দ্ৰীয় চৰকাৰৰ৷ পিছে এই সুবিধা সমূহৰ ভিতৰত মহিলা সকললৈ আগবঢ়াইছে বিশেষ বিনামূলীয়া সুবিধা৷ যাতে দেশ বন্ধ হৈ থকাৰ এই সময়ছোৱাত বিপদত নপৰে পৰিয়াল সমূহ৷

    প্ৰথমতেই বিশেষ সুবিধাৰ এই তালিকাত আছে, ৩ মাহৰ বাবে উজ্বলা আঁচনিৰ অধীনত দেশৰ ৮ কোটি মহিলাক বিনামূলীয়া চিলিণ্ডাৰ৷ লগতে জনধন একাউণ্ট থকা ২০ কোটি মহিলালৈ প্ৰতিমাহে ৫০০ টকাৰ সাহায্য ঘোষণা তিনি মাহৰ বাবে৷

    ইয়াৰ উপৰি বিধৱা সকলেও তিনি মাহৰ বাবে লাভ কৰিব ১০০০ টকাকৈ তেওঁলোকৰ একাউণ্ট যোগে৷

    ধন আৰু গেছৰ বাহিৰে দেশৰ মহিলা সকলে লাভ কৰিব অন্ন৷ প্ৰধানমন্ত্ৰী অন্ন আঁচনিৰ সহায়ত বিনামূলীয়াকৈ অতিৰিক্তভাৱে ৫ কেজি ঘেহু নাইবা চাউল প্ৰদান আৰু লগতে ১ কেজিকৈ দাইল প্ৰদান কৰা হ’ব মহিলাসকলক৷

    Photo Credit: Scroll.in

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং