26 C
Guwahati
Saturday, September 24, 2022
More

    হিন্দুৰ নাম লৈ মুছলমান যুৱকে প্ৰেমৰ জাল পাতেঃ শিলাদিত্য দেৱ

    লভ জেহাদ, ফেচবুক জেহাদ আৰম্ভ কৰিছে বাংলাদেশী মুছলমানে, ফেচবুকত বাংলাদেশী মুছলমানে হিন্দুৰ নাম লৈ জাল পাতে, প্ৰতিদিনে এনে ঘটনা ঘটি আছে ৰাজ্যত।'- এই মন্তব্য বিজেপি বিধায়কগৰাকীৰ

    ধৰ্ম নিৰপেক্ষতাৰ বোৰ্খা পিন্ধি সমাজত একাংশ চলি আছে, লভ জেহাদৰ ভয়ংকৰ ঘটনা এইখন অসমতে চলি আছে।’- দৰং কাণ্ড সন্দৰ্ভত বিধায়ক শিলাদিত্য দেৱৰ বিস্ফোৰক মন্তব্য। হিন্দুৰ নাম লৈ মুছলমান যুৱকে প্ৰেমৰ জাল পাতে বুলিও সংবাদমেলত অভিযোগ উত্থাপন কৰে বিধায়কগৰাকীয়ে।

    লভ জেহাদ, ফেচবুক জেহাদ আৰম্ভ কৰিছে বাংলাদেশী মুছলমানে, ফেচবুকত বাংলাদেশী মুছলমানে হিন্দুৰ নাম লৈ জাল পাতে, প্ৰতিদিনে এনে ঘটনা ঘটি আছে ৰাজ্যত।’- এই মন্তব্য বিজেপি বিধায়কগৰাকীৰ। লভ জেহাদ নিয়ন্ত্ৰণৰ বাবে বিশেষ কোষ বনাওক আৰক্ষীয়ে আৰু বীৰাংগনাক এই বিশেষ কোষত অন্তৰ্ভুক্ত কৰাওক।

    ‘আৰক্ষীক এইদৰে নিলম্বন কৰিলে লভ জেহাদ বাঢ়িব, পিতৃ-মাতৃ অধিক সাৱধান হওক, অকল চৰকাৰে বন্ধ কৰিব নোৱাৰে লভ জেহাদ।’- সংবাদমেলযোগে এই মন্তব্য় কৰিলে বিধায়কগৰাকীয়ে। উচিত তদন্ত হওক, বুঢ়া আৰক্ষী চকীৰ ঘটনা সন্দৰ্ভত মন্তব্য শিলাদিত্য দেৱৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং