31 C
Guwahati
Wednesday, September 28, 2022
More

    জুবিন গাৰ্গৰ প্ৰশংসাত পঞ্চমুখ বিধায়িকা আঙুৰলতা

    সকলোৰে হিয়াৰ আমঠু তথা নৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ প্ৰচেষ্টাত অসমীয়া চলচ্চিত্ৰ জগতলৈ আহিছে ভাল দিন। অসমীয়া ছবি জগতৰ বাবে জুবিন গাৰ্গে যি পদক্ষেপ হাতত লৈছে সেয়া সঁচাকৈয়ে প্ৰশংসনীয়। অসমীয়া ছবি নিৰ্মাণৰ লগতে প্ৰচাৰৰ ক্ষেত্ৰত জুবিন গাৰ্গে গ্ৰহণ কৰা প্ৰচেষ্টাও শলাগ ল’বলগীয়া।

    মিছন চাইনাৰ পিছত কাঞ্চনজংঘাৰ সফলতাক লৈ এইদৰে মন্তব্য কৰে বটদ্ৰৱা সমষ্টিৰ বিজেপি বিধায়িকা আঙুৰলতা ডেকাই। আৰু জুবিন গাৰ্গক ধন্যবাদো জ্ঞাপন কৰে বিধায়িকাগৰাকীয়ে। লগতে ১১ অক্টোবৰত মুক্তিলাভ কৰিবলগীয়া যতীন বৰাৰ ‘ৰত্নাকৰ’ ছবিখনো সকলোকে উপভোগ কৰিবলৈ আহ্বান বিজেপি বিধায়িকাগৰাকীৰ।

    আনহাতে এইবাৰ বটদ্ৰৱাত দুৰ্গা পূজা উপভোগ কৰিব বিধায়িকা আঙুৰলতাই। সকলোৰে নিমন্ত্ৰণ ৰক্ষা কৰি নিজ সমষ্টিতে বিজেপি বিধায়িকাগৰাকীয়ে এইবাৰ দুৰ্গা পূজা উপভোগ কৰিব বুলি জনালে সংবাদ মাধ্যমৰ আগত।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং