কলিয়াবৰৰ হাৰমতিত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে৷ আৰক্ষীৰ ভয়ত ফিচাৰীত জাপ দিয়া যুৱকৰ মৃতদেহ উদ্ধাৰ।
শনিবাৰে ফিচাৰীটোত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো।
শনিবাৰে পুৱা স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ পিছত মৃতদেহটো আবু ছিদ্দিকৰ বুলি চিনাক্ত কৰে ৷
উল্লেখ্য যে, ২ জুলাই নিশাৰ পৰা সন্ধানহীন হৈ আছিল যুৱকজন।
স্থানীয় ৰাইজে জনোৱা অনুসৰি ২ জুলাইৰ নিশা আবু ছিদ্দিকসহ কেইজনমান যুৱক হাৰমতীৰ তিনিআলিত বহি থকা অৱস্থাত কাৰ্বি আংলং জিলাৰ ৰংমংৱে আৰক্ষীৰ এটা দলে চোৰৰ বিৰূদ্ধে অভিযান চলাই ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হৈ যাওঁতে যুৱক কেইজনক প্ৰত্যক্ষ কৰে।
আৰক্ষীৰ দলটোৱে যুৱক কেইজনৰ ফালে টৰ্চ লাইটৰ পোহৰ নিক্ষেপ কৰাত পলায়ন কৰে যুৱকৰ দলটোৱে।
কেইজনমান যুৱকে ফিচাৰীত জাপ দি পলাবলৈ চেষ্টা কৰে।
মৃতদেহ উদ্ধাৰ হোৱা যুৱক আবু ছিদ্দিকেও জাপ দিছিল ফিচাৰীটোত। কিন্তু আবু ছিদ্দিকে জনা নাছিল সাতুৰিব।
সেই নিশাৰ পৰাই সন্ধানহীন হৈ থকা যুৱকজনৰ মৃতদেহ শনিবাৰে ফিচাৰীটোত উদ্ধাৰ কৰে স্থানীয় ৰাইজে।
Photo: Time8
Input: Kishan Chetry