27 C
Guwahati
Wednesday, October 13, 2021
More

    দক্ষিণ আফ্ৰিকাৰ সুন্দৰীলৈ ২০১৯ মিছ ইউনিভাৰ্চ খিতাপ

    এই প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছিল বৰ্তিকা সিঙে

    ২০১৯ৰ ৬৮ সংখ্যক ব্ৰহ্মাণ্ড সুন্দৰী খিতাপ দখল কৰিছে দক্ষিণ আফ্ৰিকাৰ সুন্দৰী জজিবিনী টুঞ্জীয়ে। জজিবিনীয়ে বিশ্বৰ ৯০ গৰাকী সুন্দৰীক পিছ পেলোৱাই এই খিতাপৰ অধিকাৰী হয়। আমেৰিকাৰ আটলান্টা চহৰত ৰবিবাৰৰ নিশা অনুস্থিত হোৱা এই প্ৰতিযোগিতাত ২০ গৰাকীক হৰুৱাই শেষ হাঁহি মাৰে দক্ষিণ আফ্ৰিকীয় সুন্দৰীগৰাকীয়ে। এই প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছিল বৰ্তিকা সিঙে।

    পিছে শ্ৰেষ্ট ১০ত স্থান পাবলৈ সক্ষম নহয় ভাৰতৰ সুন্দৰীগৰাকীয়ে। প্ৰাক্তম মিছ ইউনিভাৰ্চ ফিলিপাইনৰ কেট্ৰিয়না গ্ৰেই প্ৰতিযোগিতাৰ বিজয়ীৰ নাম ঘোষনা কৰে আৰু বিজয়ীৰ শিৰত মুকুট পৰিধান কৰোৱায়।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং