ধ্ৰুব বৰা, গুৱাহাটীঃ নুনমাটিস্থিত ‘আনচাৰি মীট চপ’ নামৰ এখন মাংসৰ দোকানত গুলীচালনাৰ ঘটনা। দোকানখনৰ স্বত্বাধিকাৰী জব্বৰ আনচাৰিয়ে জনোৱা অনুসৰি দিনৰ ১২.৩০ বজাত কোনো অচিনাক্ত দুৰ্বৃত্তই এই গুলীচালনাৰ ঘটনা সংঘটিত কৰে।
গুলীচালনাৰ ঘটনাত দোকানখনৰ গ্লাছত গুলীৰ স্পষ্ট চিহ্ণ দেখা যায় যদিও ঘটনাস্থলীত কোনো ধৰণৰ গুলীৰ কাৰ্টিজ প্ৰত্যক্ষ কৰা নাই আৰক্ষী আৰু স্থানীয় লোকে।
ঘটনাটোত কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই। স্থানীয় লোকে গুলীচালনাৰ সময়ত প্ৰচণ্ড শব্দ শুনে। ঘটনাস্থলীত নুনমাটি আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।