27 C
Guwahati
Friday, September 30, 2022
More

    পুনৰ মহানগৰীত দিন ডকাইতি, লুটি নিলে ৮০,০০০ টকা

    বাইকত অহা ২ দুৰ্বৃত্তই কাঢ়ি লৈ যাই টকাখিনি। ঘটনা সন্দৰ্ভত বাইহাটাৰ যুৱকজনে বশিষ্ঠ আৰক্ষী থানাত দাখিল কৰে এজাহাৰ

    ৰাজ্যত বাঢ়ি গৈ আছে চুৰি-ডকাইতিৰ ঘটনা। এইবাৰ মহানগৰীৰ বশিষ্ঠস্থিত এলাহাবাদ বেংকৰ গ্ৰাহকৰ পৰা ডকাইতে লুটিলে ৮০,০০০ টকা। বেংকৰ পৰা টকা উলিয়াই উভতাৰ পথতে সংঘটিত হয় এই ডকাইতিৰ ঘটনা। বাইহাটা চাৰিআলিৰ যুৱক ইছমাইল আলী নামৰ যুৱকজনৰ পৰা মেঘা প্লাজাৰ সমীপৰ পৰা ডকাইতে পকেটৰ পৰা লুটি লৈ যায় ৮০,০০০ টকা। মুঠ ২ লাখ টকা উলিয়াইছিল ভুক্তভোগী যুৱকজনে।

    ভুক্তভোগী যুৱক

    খানাপাৰা অভিমুখে যোৱা পথত সংঘটিত হয় এই ঘটনা। বাইকত অহা ২ দুৰ্বৃত্তই কাঢ়ি লৈ যাই টকাখিনি। ঘটনা সন্দৰ্ভত বাইহাটাৰ যুৱকজনে বশিষ্ঠ আৰক্ষী থানাত দাখিল কৰে এজাহাৰ।

    বহুসময় ধৰি যুৱকজনক অনুসৰণ কৰি আছিল দুই যুৱকে। উল্লেখ্য যে বিগত সপ্তাহত বশিষ্ঠ থানাৰ অধীনস্থ জয়ানগৰতো এনে ধৰনৰ ঘটনা সংঘটিত হৈছিল।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং