15 C
Guwahati
Friday, January 14, 2022
More

    ৪০/৬০উৰ্ধৰ লোকক ছাত্ৰ-ছাত্ৰী সজাই সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ নামত অহা জলপানি আত্মসাৎৰ অভিযোগ

    নিজৰ পৰিয়ালৰ সদস্যকে ছাত্ৰ ছাত্ৰী সজাই উক্ত ধন আত্মসাৎ কৰাৰ অভিযোগ

    কামৰূপ জিলাৰ নগৰবেৰাত ভাৰত চৰকাৰৰ সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ নামত অহা জলপানিৰ নামত বৃহৎ কেলেংকাৰীৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। চেন্ট্ৰেল বেংক অব্ ইণ্ডিয়া নগৰবেৰা শাখাত সংঘটিত হৈছে এই ভয়ানক দুৰ্নীতি। বেংকৰ BC নবীৰ হুছেইনে কৰ্মচাৰীসকলৰ লগত জালিয়তি কৰি প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ নামত অহা ১০,৭০০(দহ হাজাৰ সাতশ) টকা আত্মসাৎ কৰাৰ অভিযোগ উঠিছে।

    অভিযোগ মৰ্মে, BC নবীৰ হুছেইনে নগৰবেৰাৰ পলাহৰটাৰী গাঁৱৰ প্ৰায় দুশজন গাঁওবাসীৰ নামত জলপানিৰ ধন একাউণ্টত সোমাই দিয়ে। জানিব পৰা মতে, সেই লোকসকলৰ বয়স ৪০ৰ পৰা ৬০বছৰ। আশ্চৰ্যজনকভাৱে ছাত্ৰ ছাত্ৰীৰ নামত অহা জলপানিৰ ধন কিদৰে গাঁওবাসীৰ একাউণ্টত সোমাল সেয়া ৰহস্যৰ আৱৰ্তত।

    আনহাতে সেই ধন ৰাশি BC নবীৰ হুছেইন জালিয়তিৰে উলিয়াই একাংশ গাঁওবাসীক ৫০০০ টকাকৈহে প্ৰদান কৰিছে। যিসকলে সম্পূৰ্ণ টকা বিচাৰে সেই সকলক দাবী ধমকি দিয়াৰো অভিযোগ উঠিছে। গাঁওবাসীৰ অভিযোগ বিগত দুবছৰ ধৰি অঞ্চলটোৰ অধ্যয়নৰত সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ নামত অহা জলপানি ধন আত্মসাৎ কৰি আহিছে। আনকি নিজৰ পৰিয়ালৰ সদস্যকে ছাত্ৰ ছাত্ৰী সজাই উক্ত ধন আত্মসাৎ কৰাৰ অভিযোগ আনিছে।

    Photo Credit: @manimala-deka

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং