25 C
Guwahati
Thursday, October 6, 2022
More

    কেন্দ্ৰৰ নিৰ্দেশতে বন্ধ ৰখা হৈছে সুৰাৰ বিপনী; কেন্দ্ৰৰ নিৰ্দেশ পালেই খুলিব সুৰাৰ বিপনীঃ মন্ত্ৰী পৰিমল শুক্লবৈদ্য

    মাছ বিক্ৰীৰে মৎস বিভাগৰ অভিলেখ। প্ৰায় ৪৫০০ ভেন্দৰে মাছ বিক্ৰীৰ দায়িত্ব লাভ কৰিছে। লক ডাউনৰ মাজতে প্ৰায় ২১ কোটি টকাৰ মাছ বিক্ৰী। অহা ৪ মাহলৈ বাহিৰৰ মাছ নাহিলেও এতিয়াৰ দৰতে মাছ উপলব্ধ হ'ব

    ‘সুৰাৰ দাম কিমান শতাংশ বৃদ্ধি হ’ব এতিয়ালৈকে নিশ্চিত নহয়, বিত্ত বিভাগৰ পৰামৰ্শতহে নিৰ্ধাৰণ হব নতুন নিৰিখ।’-সুৰাৰ দাম বৃদ্ধিৰ সন্দৰ্ভত মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ এই মন্তব্য। কেন্দ্ৰৰ নিৰ্দেশ মতেই বন্ধ কৰি ৰখা হৈছে সুৰাৰ বিপনী। নিৰ্দেশ পালেই খুলিব সুৰাৰ বিপনী। লকডাউনৰ মাজতে সুৰাৰ বিপনী খুলি আবকাৰীয়ে লাভ কৰিছিল দহ কোটিতকৈও অধিক ৰাজহ। এতিয়ালৈকে খোলা থাকিলে এই ৰাজহৰ পৰিমাণ হ’ল হয় এশ কোটিতকৈও অধিক। এই মন্তব্য মন্ত্ৰীগৰাকীৰ।

    ‘লক ডাউনৰ সময়ত বন বিভাগটো কেনেদৰে সক্ৰিয় কৰি ৰাখিব সেই সন্দৰ্ভত আলোচনা। কেন্দ্ৰীয় চৰকাৰে মাইনিং বিভাগটো খোলাৰ নিৰ্দেশৰ পিছত অসমতো খোলা নোখোলাৰ সন্দৰ্ভত সিদ্ধান্ত ল’ব। অৰণ্য ভৱনত বন বিষয়াৰ শীৰ্ষ বিষয়াৰ সৈতে মিলিত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য।

    বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান বন বিভাগৰ শীৰ্ষ বিষয়াক। যোৰহাটত মানুহৰ হাতত কেনেকৈ লতামাকৰী বাঘৰ মৃত্যু হ’ল তাৰো কাৰণ বিচাৰে বনমন্ত্ৰীগৰাকীয়ে। লক ডাউনৰ সময়ত বিভিন্ন বন্যপ্ৰাণী হত্যা তথা নিধন সন্দৰ্ভত উদ্বেগ প্ৰকাশ বনমন্ত্ৰীৰ। ৰাজ্যৰ প্ৰায় সংখ্যক বন বিভাগৰ কাৰ্যালয়ত ছেনিটাইজ কৰিবলৈ মন্ত্ৰীক আহ্বান বন বিষয়াৰ।

    মাছ বিক্ৰীৰে মৎস বিভাগৰ অভিলেখ। প্ৰায় ৪৫০০ ভেন্দৰে মাছ বিক্ৰীৰ দায়িত্ব লাভ কৰিছে। লক ডাউনৰ মাজতে প্ৰায় ২১ কোটি টকাৰ মাছ বিক্ৰী। অহা ৪ মাহলৈ বাহিৰৰ মাছ নাহিলেও এতিয়াৰ দৰতে মাছ উপলব্ধ হ’ব। অসমত যথেষ্ট পৰিমাণে মাছ আছে। মাছ উৎপাদনত অসম এতিয়া স্বাৱলম্বী। এই মন্তব্য বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং