12.5 C
Guwahati
Saturday, January 29, 2022
More

    কোৱাৰাইণ্টাইন হৈ থকা লোকে ফেচবুক LIVE কৰিলে, কোৱাৰাইণ্টাইন কক্ষ জেললৈ পৰিবৰ্তিত কৰিমঃ হিমন্ত বিশ্ব শৰ্মা

    ফেচবুক লাইভ কৰিলে পুনৰ যাব লাগিব ১৪ দিনৰ কোৱাৰাইণ্টাইনলৈ। '৩ মাহৰ বাবে জামিনবিহীন গোচৰ ৰুজু কৰিবলৈ বাধ্য হৈ পৰিম বুলি কয় মন্ত্ৰীগৰাকীয়ে

    সৰুসজাইত কোৱাৰাইণ্টাইন হৈ থকা লোকে ফেচবুক LIVE কৰা প্ৰসংগ সন্দৰ্ভত সৰৱ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সৰুসজাইত উপস্থিত হৈ ফেচবুক লাইভ কৰা লোকক মাতি আনিলে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকাই। কিয় ফেচবুক LIVE কৰিছিল বুলি প্ৰশ্ন উত্থাপন কৰে মন্ত্ৰী হিমন্ত বিশ্বই। ফেচবুক লাইভত অসুবিধাৰ কথা কৈছিল কোৱাৰাইণ্টাইন হৈ থকাসকলে। হিমন্ত বিশ্ব শৰ্মাই সমস্যাৰ বুজ লয় এইসকল লোকৰ।

    লগতে সৰুসজাইত কোৱাৰাইণ্টাইন হৈ থকা লোকক সকীয়নিও দিয়ে মন্ত্ৰীগৰাকীয়ে। পুনৰ ফেচবুক LIVE কৰিলে কোৱাৰাইণ্টাইন কক্ষ জেললৈ পৰিবৰ্তিত কৰিবলৈ বাধ্য হ’ম বুলি কয় কোৱাৰাইণ্টাইনত থকা লোকক। ফেচবুক লাইভ কৰিলে পুনৰ যাব লাগিব ১৪ দিনৰ কোৱাৰাইণ্টাইনলৈ। ‘৩ মাহৰ বাবে জামিনবিহীন গোচৰ ৰুজু কৰিবলৈ বাধ্য হৈ পৰিম বুলি কয় মন্ত্ৰীগৰাকীয়ে।

    কোনো নীতি নিয়ম নামানি সমবেত হৈ কৰিছিল ফেচবুক লাইভ। কোৱাৰাইণ্টাইন কক্ষৰ পৰা ভাইৰেল হৈ পৰিছিল এটা ফেচবুক লাইভ।

    Photo: Time8

    Published:

    6 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং