12.5 C
Guwahati
Saturday, January 29, 2022
More

    বহিঃৰাজ্যৰ পৰা অহা লোকৰ বাবে নতুন নিয়ম; যাত্ৰীৰ লগতে পৰিয়ালৰ লোকো হ’ব হোম কোৱাৰাইণ্টাইন

    হোম কোৱাৰেইণ্টাইনত থকা লোকৰ ঘৰসমূহ কণ্টেইনমেন্ট জ'ন কৰা হ'ব। বৰ্তমান অসমত লক ডাউন নামতহে আছে। মাক্স বা গামোচা নল'লে ৫০০ টকা ফাইন কৰা হ'ব বুলিও কয় হিমন্ত বিশ্ব শৰ্মাই

    বহিঃ ৰাজ্যৰ পৰা অহা লোকসকলৰ বাবে ৰাজ্যত ব্যৱস্থা কৰা হ’ব নতুন কিছু নিয়ম। প্ৰতিখন জিলাতে স্বাস্থ্য পৰীক্ষা কৰিব লাগিব লোকসকলে। সমষ্টিয়ে সমষ্টিয়ে ৰাখিব লাগিব বহিঃ ৰাজ্যৰ পৰা অহা লোকসকলক। যাত্ৰীৰ লগতে চৰ্ত সাপেক্ষ পৰিয়ালৰ লোকো হ’ব লাগিব হোম কোৱাৰাইণ্টাইন। পৰীক্ষাৰ পিছত হাতত মাৰিব লাগিব দুটাকৈ ষ্টাম্প। হাতত ষ্টাম্প থকা লোকে ওলাব নোৱাৰিব বাহিৰলৈ। যোৰহাটত এই ঘোষণা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।

    যোৰহাটৰ কোৱাৰাইণ্টাইন কেন্দ্ৰ পৰিদৰ্শন কৰে হিমন্ত বিশ্ব শৰ্মাই। চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ সৈতে বাৰ্তালাপ মন্ত্ৰী শৰ্মাৰ। যোৰহাট চিকিৎস্যা মহাবিদ্যালয়ত শুভ উদ্বোধন কৰে ৫০খন বিচনাযুক্ত আইচিইউ। ডেইজী শইকীয়াৰ সন্দৰ্ভত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী আদিত্য থাকেৰৰ লগত ইতিমধ্যে আলোচনা কৰা হৈছে বুলি জনায় মন্ত্ৰী শৰ্মাই। অসমত পিপিকিটৰ অসুবিধা নাই কিন্তু পিপিকিটৰ এপ ব্যৱহাৰ হ’লে জৰুৰীকালীন অৱস্থাত অসুবিধাত পৰিব, এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। ১২ তাৰিখৰ পৰা অসমত প্ৰৱেশ কৰিব হাজাৰ হাজাৰ লোক। সকলোৰে সহযোগিতা কামনা কৰিলে হিমন্ত বিশ্ব শৰ্মাই।

    ৰে’ল সেৱা আৰম্ভ হোৱাৰ লগে লগে প্ৰত্যাহ্বান আৰম্ভ হ’ব। মুম্বাইৰ পৰা এম্বুলেঞ্চ অহা দুয়োগৰাকী কভিড ১৯ত আক্ৰান্ত বৰ্তমান সুস্থ অৱস্থাত আছে। আন দুগৰাকী ৰোগীকো সম্পূর্ণ নজৰত ৰখা হৈছে। এতিয়া অসমৰ ৰাইজ তথা গাঁৱৰ ৰাইজ সচেতন হ’ব লাগিব আৰু সহায় কৰিব লাগিব। হোম কোৱাৰেইণ্টাইনত থকা লোক যাতে ঘুৰি ফুৰিব নোৱাৰে তাৰ বাবে ৰাইজৰ কমিটি গঠন কৰা হ’ব বুলিও জনায় মন্ত্ৰীগৰাকীয়ে।

    হোম কোৱাৰেইণ্টাইনত থকা লোকৰ ঘৰসমূহ কণ্টেইনমেন্ট জ’ন কৰা হ’ব। বৰ্তমান অসমত লক ডাউন নামতহে আছে। মাক্স বা গামোচা নল’লে ৫০০ টকা ফাইন কৰা হ’ব বুলিও কয় হিমন্ত বিশ্ব শৰ্মাই। ৰে’লত অহা ডিব্ৰুগড়তো এটা স্ক্ৰিনিং জন অতি সোনকালে আৰম্ভ হ’ব বুলি ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।

    Photo: Time8

    Input: Rituraj Phukan

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং