12.5 C
Guwahati
Saturday, January 29, 2022
More

    কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা গেটৰ মুখলৈ ওলালেই ৰুজু হ’ব জামিন বিহীন গোচৰঃ হিমন্ত বিশ্ব শৰ্মা

    বৃহস্পতিবাৰে স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় লখিমপুৰৰ নাৰায়ণপুৰত। নাৰায়নপুৰত নিৰ্মাণৰত অৱস্থাত থকা শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ তৃতীয় পৰ্যায়ৰ আধাৰশিলা স্থাপন কৰে

    কোৱাৰানটাইনত থকা লোকক শেষ সকীয়নি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কোৱাৰেণ্টাইন কেন্দ্ৰৰ গেটৰ মুখলৈ ওলালেই ৰুজু কৰা হ’ব জামিনবিহীন গোচৰ।

    বৃহস্পতিবাৰে স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় লখিমপুৰৰ নাৰায়ণপুৰত।

    নাৰায়নপুৰত নিৰ্মাণৰত অৱস্থাত থকা শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ তৃতীয় পৰ্যায়ৰ আধাৰশিলা স্থাপন কৰে।

    এই আধাৰশিলা স্থাপন অনুষ্ঠানত অসম চৰকাৰৰ সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰী নৱ কুমাৰ দলে, ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকাৰ লগতে

    উপস্থিত তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস, অসম চৰকাৰৰ গড়কপ্তানি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহন, বিহপুৰীয়াৰ বিধায়ক দেৱানন্দ হাজৰিকা।

    ভাষণত তেওঁ কয় যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কম দিনৰ ভিতৰত কলাক্ষেত্ৰখনৰ সিংহভাগৰ কাম সম্পূৰ্ণ কৰাৰ আশ্বাস দিয়ে।

    মন্ত্ৰীগৰাকীয়ে সভাৰ পিছতে শ্ৰীশ্ৰী বদলা পদ্ম আতা সত্ৰত উপস্থিত হৈ সত্ৰাধিকাৰৰ সেৱা লয়।

    উল্লেখ্য যে তৃতীয় পৰ্যায়ৰ নিৰ্মাণৰ বাবে ইতিমাধ্য ৩৪ কোটি টকা আবণ্টন লাভ কৰিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং