19 C
Guwahati
Tuesday, December 7, 2021
More

    প্ৰৱাসী শ্ৰমিকৰ মৰ্মান্তিক ছবি, সন্তান নাথাকিলে কৰিলো হয় আত্মহত্যা

    কৰ'ণাৰ সৈতে সহবাস কৰিব কিন্তু লকডাউন নামানে

    দেশত কৰ’ণা ভাইৰাছ আৰু লকডাউনৰ ফলত বহু পৰিয়ালৰ খাবলৈ নপোৱা অৱস্থা। এতিয়া দেশত এনে অৱস্থা যে, কিছুমানে কৰ’ণাৰ সৈতে সহবাস কৰিব কিন্তু লকডাউন নামানে। লকডাউনৰ ফলত হাতত কাম নাই, লগতে নাই কোনো সাঁচতীয়া ধন যাৰ বাবে নিজৰ লগতে সম্পূৰ্ণ পৰিলায়টোৱেই তিল তিলকৈ মৃত্যুৰ দিশে।

    হাতত কাম নহোৱাত খেতিবাতিয়ে কৰি পেটত খুদকন পেলোৱাৰ আশাৰে এতিয়া সকলোৰে ঘৰ মুখী যাত্ৰা। টালি টোপোলা লৈ খোজ কাঢ়ি যাত্ৰা আৰম্ভ অধিকাংশৰে। হাতত কোনো খাদ্য তথা অৰ্থ নথকাত বাটতে যি পাইছে খাইছে নাইবা খালী পেটেৰেই আগবঢ়াই নিছে ভৰি। পিছে ইমানৰ পিছতো মনোবল এৰি দিয়া নাই এই সকল প্ৰৱজন কৰা শ্ৰমিকে।

    কিয়নো লগত আছে সন্তান। যি নিজৰ জীৱনতকৈয়ো মৰমৰ। সেয়ে বাচি লোৱা নাই আত্মহননৰ পথ। সন্তান নাথাকিলে আত্মহত্যা কৰিলো হয় বুলি বহু শ্ৰমিকৰ দুখ প্ৰকাশ।

    Photo credit: Reuters

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং