জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা আৰু মেহবুবা মুফটীৰ ওপৰত থকা প্ৰতিবন্ধকতা আজি অন্ত পৰিব। জম্মু-কাশ্মীৰত অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পিছতে আবদ্ধ কৰি ৰাখিছিল দুয়োগৰাকীকে। আব্দুল্লা, মুফটীসহ ৪গৰাকী নেতাক ৰখা হৈছিল ডিটেনচন কেম্পত।
পাব্লিক ছেফটি এক্ট(PSA)ৰ অধীনত বন্দী কৰি ৰখা হৈছিল জম্মু-কাশ্মীৰৰ নেতা তথা নেত্ৰীকেইগৰাকীক। ৬ মাহৰ অন্তত দুয়োগৰাকীৰ ওপৰত আন এক প্ৰতিবন্ধকতা আৰোপ চৰকাৰৰ। ওমৰ আব্দুল্লাৰ পিতৃ ফাৰুক আব্দুল্লাকো নজৰবন্দী কৰি ৰাখিছে প্ৰশাসনে।
নেচনেল কনফাৰেন্সৰ মহা সচিব আলী মহম্মদ সাগৰৰ ওপৰতো PSA আৰোপ। পিডিপি নেতা সৰতাজ মদনীৰ ওপৰতো PSA আৰোপৰ সিদ্ধান্ত গ্ৰহণ। উল্লেখ্য যে, পাব্লিক ছেফটি এক্ট(PSA)ৰ অধীনত ৬ মাহ পৰ্যন্ত বন্দী কৰি ৰাখিব পাৰে বিশেষ কাৰণ নোহোৱাকৈ। ৰাজহুৱা স্বাৰ্থৰ বাবে বন্দী কৰি ৰাখিব পাৰে ৩ৰ পৰা ৬ মাহ পৰ্যন্ত।
Photo Credit: zee news