28 C
Guwahati
Tuesday, October 4, 2022
More

    কবৰস্থ কৰা হ’ল কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা মেঘালয়ৰ ডাক্তৰগৰাকীৰ

    শ্বিলঙৰ ঝালুপাৰা শ্মশানত শেষ কৃত্য কৰাৰ সিদ্ধান্ত লৈছিল প্ৰশাসনে

    মেঘালয়ত কবৰস্থ কৰা হ’ল কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকজনৰ। মেঘালয়ত কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছিল এগৰাকী চিকিৎসক। মেঘালয়ত কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ ৰাজ্যখনত মৃত্যু ঘটা তেওঁ প্ৰথমজন লোক।

    কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু ঘটাৰ বাবে শৱদেহ সৎকাৰত বাধা প্ৰদান কৰে ৰাইজে। শ্বিলঙৰ ঝালুপাৰা শ্মশানত শেষ কৃত্য কৰাৰ সিদ্ধান্ত লৈছিল প্ৰশাসনে।

    কিন্তু এই সিদ্ধান্তক বিৰোধিতা কৰে স্থানীয় লোকে। সমগ্ৰ অঞ্চলতে কৰ’ণা ভাইৰাছ বিয়পাৰ আশংকা স্থানীয় লোকৰ। শেষ কৃত্য সম্পন্ন কৰাত বাধা প্ৰদান ঝালুপাৰাৰ স্থানীয় লোকসকলৰ। অৱশেষত লাওমলাইৰ ৰিয়াট ছামটিয়াহ প্ৰেছবিটেৰিয়ান গিৰ্জাত শেষ কৃত্য সম্পন্ন কৰা হয়।

    Photo Credit: npr.org

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং