দেৰগাঁৱৰ বালিবাট গাঁৱৰ আফাজুৰ ৰহমান নামৰ এজন যুৱকে নিৰ্মাণ কৰি উলিয়াইছে ঘণ্টাত ৩৫ কিলোমিটাৰ বেগেৰে যোৱা এখন সৌৰশক্তিচালিত বাহন। বিশিষ্ট বিজ্ঞানী চৌধুৰী নাথ শইকীয়াৰ উপস্থিতত মাতৃৰ দ্বাৰা ফিটা কাটি উদ্বোধন কৰে সৌৰচালিত বাহনখন।
দিনত ঘণ্টাত ৩৫ কিলোমিটাৰ বেগেৰে চলিব পৰা বাহনখন নিশাৰ ভাগত চলিব পাৰিব ৬ ঘণ্টাকৈ। প্ৰায় এবছৰ ধৰি অহৰহ চেষ্টাৰে ১ লাখ ৩০ হাজাৰ টকা ব্যয় কৰি নিৰ্মাণ কৰি উলিয়াইছে বাহনখন। সৌৰ চালিত তথা মোবাইল অপাৰেটিঙৰ দ্বাৰা পাৰ্কিং কৰাৰ সুবিধা থকা বাহনখন প্ৰয়াত পিতৃৰ নামত উদ্বোধন কৰে আফাজুৰে।

আফাজুৰে বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰাৰ লগতে এবছৰ পূৰ্বে পেলনীয়া সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কৰি উলিয়াইছিল এটা অত্যাধুনিক ৰবট।